ETV Bharat / state

আছু আৰু এবছুৱে ক্ষমা খোজক অন্যথা অসমৰ পৰিস্থিতি ভয়াৱহ হ'বঃ নৱ শৰণীয়া

author img

By

Published : May 11, 2019, 1:09 PM IST

এন আৰ চিক লৈ আছু আৰু এবছুৰ স্থিতি মুঠেই সন্তোষজনক নহয় ৷ দুয়োটা জাতীয় সংগঠনে এন আৰ চিৰ দাবী-আপত্তিৰ নামত হকে বিহকে আবেদন দিয়াক লৈ ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ আহ্বান জনাইছে কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই ৷

নৱ শৰণীয়া

মুছলপুৰ, 11 মেঃ এন আৰ চিক লৈ আছু আৰু এবছুৰ স্থিতি মুঠেই সন্তোষজনক নহয় ৷ জাতীয় সংগঠনৰ নাম লৈ কিছুমানে ব্যক্তিগত জিজ্ঞাসা পূৰণৰ বাবে বহুলোকৰ বিৰুদ্ধে হকে বিহকে বিদেশী বুলি অভিযোগ দাখিল কৰিছে ৷ সময় থাকোতে আছু আৰু এবছুৱে এইসমূহ অভিযোগ উঠাই নল'লে অনাগত দিনত অসমত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব ৷

আছু আৰু এবছুৱে ক্ষমা খোজক অন্যথা অসমৰ পৰিস্থিতি ভয়াৱহ হ'বঃ নৱ শৰণীয়া

মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত থকা ষ্ট্ৰংৰুম পৰিদৰ্শন কৰিবলৈ গৈ এইদৰে মন্তব্য কৰিছে ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ ৷ সাংসদগৰাকীয়ে উল্লেখ কৰা অনুসৰি এন আৰ চি দাবী আৰু আপত্তি নিষ্পত্তি প্ৰক্ৰিয়াত লাখে লাখে আবেদন দাখিল কৰা হৈছে যিসমূহৰ কোনো ভিত্তি নাই ৷ স্বদেশী লোককে অনাহকত হাৰাশাস্তি কৰিবলৈ আছু আৰু এবছুৱে লাখ লাখ আবেদন দাখিল কৰিছে যাৰ ফলত অনাগত দিনত অসমৰ পৰিস্থিতি অধিক ভয়ংকৰ হ'বলৈ গৈ আছে ৷ সংগঠনৰ বহু সদস্যই কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশত ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীৰ বিৰুদ্ধে এইদৰে এন আৰ চিত অভিযোগ কৰিছে ৷ সময় থাকোতেই পৰিস্থিতি ভয়াবহ হোৱাৰ পূৰ্বেই দুয়োটা সংগঠনেই ৰাইজৰ আগত ৰাজহুৱাকৈ ক্ষমা খুজিব লাগে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে নৱ কুমাৰ শৰণীয়াই ৷

Intro:এন আৰ চিক লৈ আছু আৰু এৱছুৱে দিয়া অভিযোগ উঠাই নললে অনাগত দিনত অসমত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হব ৷Body:সময় থাকোতে আছু আৰু এৱছুৱে এন আৰ চি কৰ্তৃপক্ষৰ ওচৰত প্ৰদান কৰা অভিযোগসমুহ উঠাই লৈ ক্ষমা খোজা উচিত ৷ এই মন্তব্য ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ ৷ মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত থকা ট্ৰংৰুম পৰিদৰ্শণ কৰিবলৈ গৈ সাংসদগৰাকীয়ে কয় যে কিছুমান ব্যক্তিগত জিজ্ঞাসা পূৰণৰ বাবে আছু আৰু এৱছুৱে বহুলোকৰ বিৰুদ্ধে এন আৰ চিত বিদেশী বুলি অভিযোগ প্ৰদান কৰিছে ৷ এনেদৰে অভিযোগ দিয়াৰ ফলত বহুলোক হাৰাশাস্তিৰ সম্মুখীন হৈছে ৷ তেওঁ কয় যে বাক্সা জিলাৰ তামুলপুৰ মহকুমাতে কেবা সহস্ৰাধিক লোকৰ বিৰুদ্ধে এনে ভিত্তিহীন অভিযোগ দিয়া হৈছে ৷ যাৰ কোনো ভিত্তি নাই ৷ কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশত আছু আৰু এৱছুৱে ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীৰ বিৰুদ্ধে এন আৰ চিত অভিযোগ কৰিছে ৷ যাৰবাবে আহি থকা দিনবোৰত ৰাজ্যখনত এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হব ৷ এন আৰ চি প্ৰক্ৰিয়া শেষ হোৱাৰ পিচতে ভূক্তভোগী লোকসকলে প্ৰতিশোধ পৰায়ণ হৈ অভিযোগকাৰী সকলৰ প্ৰতি আক্ৰমনাত্মক হৈ পৰিব ৷ ফলত ৰাজ্যখনত এক ভয়ংকৰ পৰিৱেশ সৃষ্টি হোৱাৰ আশংকা আছে ৷ গতিকে সময় থাকোতে আছু আৰু এৱছুৱে অভিযোগসমুহ উঠাই লৈ ক্ষমা খুজিব লাগে ৷Conclusion:ইফালে মুছলপুৰত থকা ষ্ট্ৰংৰুম পৰ্যবেক্ষণ কৰি সাংসদ তথা কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াই ষ্ট্ৰং ৰুমসমুহ স্থায়ীভাৱে নিৰ্মাণৰ পোষকতা কৰে ৷
বাইট— নৱ কুমাৰ শৰণীয়া ।
চাপাগুৰীৰ পৰা ৰিদিপজ্যোতি দাস।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.