বাক্সা, কুমাৰীকাটা, 23 অক্টোবৰঃ বাক্সা জিলাৰ কুমাৰীকাটা অঞ্চলত স্মাৰ্ট আধাৰ কাৰ্ড বনোৱাৰ নামত ৰাইজৰ পৰা ধন সংগ্ৰহৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ বালাজী নামৰ নিৰ্মাণকাৰী সংস্থাটোৰ অধীনত চলি থকা প্ৰতিখন আধাৰ কাৰ্ড বনোৱাৰ বাবদ ৰাইজৰ পৰা 150ৰ পৰা 200 টকা পৰ্যন্ত সংগ্ৰহ কৰি আহিছে একাদেৱ উপাধ্যায় নামৰ কৰ্মচাৰীজনে ৷ আনহাতে কৰ্মচাৰী একাদেৱ উপাধ্যায়ে স্মাৰ্ট আধাৰ কাৰ্ডৰ বাবে নিম্নতম খৰছ হিচাপে ৰাইজৰ পৰা ধন সংগ্ৰহ কৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷
কুমাৰীকাটাৰ স্থায়ী বাসিন্দা চৰিফ আলীয়ে অভিযোগ কৰি কয় যে,সংস্থানটোত কৰ্মৰত লোকসকলে ৰাইজৰ পৰা চলাহী কথাৰে ধন আদায় কৰি আহিছে ৷ যাৰ ফলত অঞ্চলটোৰ দৰিদ্ৰ শ্ৰেণীৰ লোকসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ আনহাতে একাংশ লোকৰ পৰা পইছা লোৱা অভিযোগৰ ভিত্তিত সাংবাদিকৰ এটা দলে ঘটনাস্থলীত বাতৰি সংগ্ৰহ কৰিবলৈ উপস্থিত হোৱা সাংবাদিকক একাদেৱ উপধ্যায় নামৰ কৰ্মচাৰী জনে দুৰ্ব্যৱহাৰ কৰি উক্ত স্থানৰ পৰা খেদি পঠিয়ায় ৷