বাক্সা, 1 আগষ্ট : বাক্সাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কাউলীৰ সমীপৰ বিষ্ণুপুৰত বিজেপি সমৰ্থকক ভাবুকি প্ৰদান দুৰ্বৃত্তৰ ৷ বৃহস্পতিবাৰে সন্ধিয়া ফুলকুমাৰ দাস নামৰ এজন যুৱকে আন কেইগৰাকীমান যুৱকৰ সৈতে বিষ্ণুপুৰ নিবাসী নাৰায়ন সৰকাৰ ঘৰত উপস্থিত হৈ তেওঁৰ ঘৰত আৰি থোৱা বিজেপিৰ দলীয় পতাকা খন নমাই থয় ৷ ইয়াৰ লগতে সমাগত বিটিচি নিৰ্বাচনত ২৬ নং নাগ্ৰিজুলী পৰিসদীয় সমষ্টিৰ নিৰ্দলীয় তথা বিপিএফ সমৰ্থিত প্ৰাৰ্থী ৰবীন্দ্ৰ বিশ্বাসক কলহৰ ছবিত ভোট দিবলৈ কৈ তৰ্জন গৰ্জন কৰে ৷ বিজেপিৰ বাক্সা জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য তথা মিডিয়া ইনচাৰ্জ সুকুমাৰ দাসে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে এই তথ্য ৷
![miscreant threat bjp member in baksha](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-bak-01-flag-conflict-vis5-7203823_01082020092018_0108f_1596253818_905.jpg)
তথ্য অনুসৰি, যুৱকৰ দলটোৱে বিজেপিৰ দলীয় পতাকা নমাই থোৱাৰ লগতে কলহৰ ছৱিত ভোট নিদিলে নাৰায়ন সৰকাৰৰ লগতে তেওঁৰ পৰিয়ালৰ ভবিষ্যৎ ভাল নহ’ব বুলি ভাবুকি দি আঁতৰি যায় ৷ যুৱকৰ দলটোৰ পৰা আকস্মিক ভাৱে ভাবুকি লাভ কৰি শংকিত হৈ পৰা লোকজনে তেওঁৰ ঘৰত আঁৰি থোৱা বিজেপিৰ দলীয় পতাকাখন নমাই থৈ স্থানীয় কেইজনমান বিজেপি কৰ্মীৰ লগতে নাগ্ৰিজুলী মণ্ডল বিজেপিৰ নেতৃবৃন্দক তেওঁক ফুলকুমাৰ দাসৰ লগতে যুৱকৰ দলে ভাবুকি প্ৰদান কৰা বিষয়টো অৱগত কৰায় ৷
![miscreant threat bjp member in baksha](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-bak-01-flag-conflict-vis5-7203823_01082020092018_0108f_1596253818_710.jpg)
ঘটনা সম্পৰ্কত জানিব পাৰি শনিবাৰে আবেলি নাগ্ৰিজুলী মণ্ডল বিজেপিৰ সভাপতি ৰাম বাসতোলা, সম্পাদক ভজন দাস, জিলা কাৰ্যনিৰ্বাহক সুকুমাৰ দাসসহ শতাধিক বিজেপিৰ কাৰ্যকৰ্তা নাৰায়ন সৰকাৰৰ ঘৰত উপস্থিত হৈ ঘটনাৰ বুজ লয় ৷ নাৰায়ণৰ পৰা সবিশেষ জনাৰ পাচত উপস্থিত বিজেপি কৰ্মী সকল উত্তেজিত হৈ পৰে ৷ পাচত বিজেপি কৰ্মীসকলে কাউলী বজাৰত সমবেত হৈ এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ বিজেৰি কৰ্মীক ভাবুকি দিয়া বন্ধ কৰক , দুস্কৃতিকাৰীৰ দাদাগিৰি নচলিব, দুষ্কৃতিকাৰী গ'বেক, গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰা বন্ধ কৰক, বিজেপি জিন্দাবাদ আদি শ্ল'গানেৰে পৰিস্থিতি উত্তাল কৰি তোলে ৷
প্ৰতিবাদৰ অন্তত বিজেপিৰ নাগ্ৰিজুলি মণ্ডল সমিতি সভাপতি ৰাম বাসতোলা, জিলা কাৰ্যনিৰ্বাহক সুকুমাৰ দাস আন কেইবাজনো নেতাৰ উপস্থিতিত নাৰায়ন সৰকাৰে কুমাৰীকাটা আৰক্ষী চকীত ফুলকুমাৰ দাসৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণৰ দাবীত এখন এজাহাৰ দাখিল কৰে ৷ উল্লেখ্য যে, বিটিচি পৰিষদীয় নিৰ্বাচনৰ কুচকাৱাজ চলি থকাৰ মাজতে বিটিচি অঞ্চলত সংঘটিত হ’বলৈ ধৰিছে ইটোৰ পিচত সিটো বিক্ষিপ্ত সংঘটিত হৈ আছে ৷
লগতে পঢ়ক : BOP সংস্থাপনত বিফল অইল ইণ্ডিয়া: বাগৰি পৰিল ক্ৰেন