ETV Bharat / state

পেডেল মাৰি মাৰি বন্যাৰ্তৰ কাষলৈ মন্ত্ৰী ভৱেশ কলিতা - ভৱেশ কলিতা

পুঠিমাৰীৰ বানত ককবকাইছে গোৰশ্বৰৰ ৰাইজে ৷ চাইকেল লৈ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী ভৱেশ কলিতাৰ ৷

assam flood
assam flood
author img

By

Published : Jul 15, 2020, 10:42 AM IST

বাক্সা, 15 জুলাই : ৰাজ্যত এতিয়া বলিয়া বানৰ তাণ্ডৱ ৷ বানত প্লাৱিত হৈছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ নৈ সমূহৰ দুয়োপাৰে থকা বিস্তীৰ্ণ অঞ্চল ৷ উজনিৰ পৰা নামনিলৈ সমগ্ৰ আসমৰ 28 খন জিলা এতিয়া বানৰ কৱলত পৰিছে ৷ বাক্সা জিলাৰো বিভিন্ন অঞ্চল ক্ষতিগ্ৰস্ত হৈছে বানৰ দ্বাৰা ৷ পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে জল প্ৰলয়ৰ সৃষ্টি কৰিছে জিলা খনৰ ভিন্ন স্থানত ৷ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বগৰীবাৰীত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বন্যাৰ্তৰ মাজত ৷ বানৰ পৰা ৰক্ষা পাবলৈ পুঠিমাৰী নৈৰ মাথাউৰিত আশ্ৰয় লৈছে বন্যাৰ্তই ৷

assam flood
বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী ভৱেশ কলিতাৰ

বানপীড়িত সকলৰ কাষত মঙলবাৰে বিয়লি উপস্থিত হয় স্থানীয় বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতা । ৰাইজৰ দুখ-দুৰ্দশাৰ বুজ লোৱাৰ লগতে মন্ত্ৰীগৰাকীয়ে বন্যাৰ্তসকলক সময়মতে সা-সুবিধা প্ৰদানৰ আশ্বাস দিয়ে ৷

পেডেল মাৰি মাৰি বন্যাৰ্তৰ কাষলৈ মন্ত্ৰী ভৱেশ কলিতা

উল্লেখ্য যে, চাইকেল চলায়, বাইকত আৰু খোজকাঢ়ি বিভিন্ন ঠাইত বান পৰিস্থিতিৰ বুজ লয় ভৱেশ কলিতাই । নিজ সমষ্টিৰ বন্যাৰ্তৰ কাষত থিয় দিয়াতো নিজা কৰ্তব্য বুলি ব্যক্ত কৰে মন্ত্ৰী কলিতাই । মুখ্যমন্ত্ৰীৰ নিৰ্দেশ পালনৰ কথা সদৰি কৰাৰ উপৰিও অন্য মন্ত্ৰীৰ কাম কাজৰ বিষয়ে তেওঁ জ্ঞাত নহয় বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ এইদৰে চাইকেল লৈ হ'লেও বানাক্ৰান্ত ৰাইজৰ কাষত উপস্থিত হোৱাত কুলাই পাচিয়ে নধৰা দুখৰ মাজতো আনন্দিত হৈছে ৰাইজ ৷

লগতে পঢ়ক : পূৰ্বৰ চৰকাৰৰ ঋণ অগপ চৰকাৰে পৰিশোধ কৰিছিলঃ প্ৰফুল্ল কুমাৰ মহন্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.