ETV Bharat / state

শিক্ষা বিভাগ আৰু গড়-কাপ্তানি বিভাগৰ বিৰুদ্ধে ঠায়ে ঠায়ে আছুৰ প্ৰতিবাদ

author img

By

Published : Aug 4, 2020, 5:32 PM IST

ৰাজ্যৰ জটিল পৰিস্থিতিৰ সময়তে সদৌ অসম ছাত্ৰ সন্থাই অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ তামুলপুৰত অসম চৰকাৰ, বিটিচি চৰকাৰৰ বিৰুদ্ধে আছুৰ অৱস্থান ধৰ্মঘট ৷ একেদৰে চৰাইদেউ জিলাতো ঘাইপথ মেৰামতিৰ দাবীত আছুৱে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

MASSIVE PROTERST IN ALL ASSAM STUDENT UNION AT TAMULPUR AND SONARI
শিক্ষা বিভাগ আৰু গড়-কাপ্তানি বিভাগৰ বিৰুদ্ধে ঠায়ে ঠায়ে আছুৰ প্ৰতিবাদ

তামুলপুৰ/চৰাইদেউ 4 আগষ্ট : ৰাজ্যত ক'ভিড-19 আৰু বানপানীৰ তাণ্ডৱ অব্যাহত থকাৰ মাজতে মঙলবাৰে তামুলপুৰত একাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে ৷ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয় সমূহক প্ৰয়োজনীয় পাঠ্যপুথি যোগান আৰু পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ তামুলপুৰ মহাবিদ্য়ালয় আৰু তামুলপুৰ বাণিজ্য মহাবিদ্যালয়ৰ আছু গোটৰ উদ্যোগত এই প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷

দিনৰ 11 বজাৰ পৰা আৰম্ভ কৰা প্ৰতিবাদত আছুৱে এঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ হাতে হাতে বেনাৰ, প্লে'কাৰ্ড লৈ বিভিন্ন শ্ল'গানেৰে অসম চৰকাৰ, বিটিচি চৰকাৰ, শিক্ষা বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

উল্লেখযোগ্য যে, আছুৰ এই প্ৰতিবাদত সদৌ তামুলপুৰ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কুমুদ ডেকা, তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দমন পাটোৱাৰী, সাধাৰণ সম্পাদক অনুপ কলিতাকে আদি কৰি কেইবাজনো ছাত্ৰ নেতা উপস্থিত থাকে ৷

আনহাতে, চৰাইদেউ জিলাতো সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ চৰাইদেউ জিলা আৰু নগালেণ্ডৰ মন তথা টুৱেনচাং জিলাৰ সংযোগী ৭০২ নং ৰাষ্ট্ৰীয় ঘাইপথটো মেৰামতি কৰাৰ দাবীত সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাই এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ অনতিপলমে, পথটো নিৰ্মাণ কৰাৰ বাবে আছুৱে দাবী জনাইছে ৷

লগতে পঢ়ক : ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি মৰিগাঁৱত সমূহীয়া দোৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.