তামুলপুৰ, 20 মেঃ ভাৰতৰ 543টা লোকসভা সমষ্টিৰ ভিতৰতে মঙ্গলদৈ লোকসভা সমষ্টিক জাকত-জিলিকা কৰি তুলিব সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই ৷ নিৰ্বাচনৰ সময়ত জনসাধাৰণৰ পৰা লাভ কৰা সঁহাৰিয়ে মিত্ৰজোঁটৰ বিজয় নিশ্চিত বুলি সাংবাদিকৰ আগত উল্লেখ কৰে শইকীয়াই ৷
বাক্সাৰ তামুলপুৰৰ অন্তৰ্গত গোৰেশ্বৰত এক দলীয় সভাত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই ৷ নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত দলীয়ভাৱে চলোৱা সমীক্ষাত দলটোৰ বিজয় নিশ্চিত বুলি উল্লেখ কৰে শইকীয়াই ৷ তেঁও লগতে জনাই যে, সমষ্টিটোৰ 18 লাখ ভোটাৰৰ ভিতৰত 15 লাখ ভোটাৰে ভোটদান কৰিছে আৰু ইয়াৰে অধিকাংশ ভোট বিজেপিৰ সপক্ষে আহিব ৷ ভৱিষ্যতে সমষ্টিটোৰ অন্তৰ্গত 10টা বিধানসভা সমষ্টিৰ আটাইকেইগৰাকী বিধায়কক লৈ আগুৱাব বুলিও কয় প্ৰাৰ্থীগৰাকীয়ে ৷