বাক্সা, ২ অক্টোবৰ : দেশী- বিদেশী পৰ্যটকৰ বাবে সুখবৰ ৷ আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ’ল বিশ্ব ঐতিহ্য মানস ৰাষ্ট্ৰীয় উদ্যান (Manas National Park opened for tourists)৷ বাগৰুম্বা, ঝুমুৰ আৰু আয়তীৰ হৰি নামৰ ধ্বনিৰে মুখৰিত মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰীৰ প্ৰৱেশদ্বাৰ ৷ বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে ফিটা কাটি আনুষ্ঠানিকভাৱে মুকলি কৰে মানসৰ প্ৰৱেশদ্বাৰ ৷
বিগত পাঁচ জুনৰ পৰা বাৰিষাৰ কাৰণে পৰ্যটকৰ বাবে বন্ধ আছিল উদ্যানৰ প্ৰৱেশদ্বাৰ ৷ আজি অৰ্থাৎ দেওবাৰে গান্ধী জয়ন্তীৰ দিনটোতে পৰ্যটকৰ বাবে মুকলি কৰি বিটিআৰ অঞ্চলত শান্তি আৰু অৰ্থনীতিৰ বুনিয়াদ ৰচনা কৰে উদ্যান কৰ্তৃপক্ষই ৷
বাঁহবাৰীত থকা মুখ্য কাৰ্যালয়ৰ পৰা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে বাহবাৰীৰ প্ৰৱেশদ্বাৰত উপস্থিত হোৱাৰ পিচতে বিটিচিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে মুকলি কৰে মানসৰ প্ৰৱেশদ্বাৰ ৷ প্ৰৱেশদ্বাৰ মুকলি কৰি বিটিচিৰ কাৰ্যবাহী সদস্যগৰাকীয়ে আজিৰ দিনৰে পৰা বিটিআৰত এক অৰ্থনীতিৰ বুনিয়াদ গঢ়িব বুলি জানিব দিয়ে ৷ ইতিমধ্যে হাতী ছাফাৰী, জীপ ছাফাৰী আদি সাজু হৈ উঠিছে মানস ৰাষ্ট্ৰীয় উদ্যানত ৷
উল্লেখ্য যে, ২০১০ চনত মানসত বাঘৰ সংখ্যা আছিল ১০ টা আৰু এই সংখ্যা ২০২০ চনত ৩৬ টা আৰু ২০২১ চনত ৪৮ টালৈ বৃদ্ধি হৈছে বাঘৰ সংখ্যা ৷ আনহাতে, পৰৱৰ্তী গণনাত বাঘৰ সংখ্যা ৬০ টা লাভ কৰিছে ৷ সেই অনুসৰি, মানসত ৩২৩০ টা সুগৰি পহু (Hog Deer), ১৬৫৬ টা বনৰীয়া ম’হ, ১১৭৪ টা ইণ্ডিয়ান বাইছন, ৮০৪ টা শৰ পহু (Sambar Deer) আৰু ২৬১৩ টা হাতী আছে ৷
এই তথ্য প্ৰস্তুত কৰাৰ বাবে মুঠ চাৰিশ কিঃমিঃ ক্ষেত্ৰক সামৰি লোৱা হৈছিল ৷ আনহাতে, বিগত বৰ্ষত এক কোটি পাঁচ লাখ টকা আয় হোৱাৰ বিপৰিতে এইবাৰ দুগুণ আয় হ’ব বুলি আশা কৰিছে ৷
দেওবাৰে কেৱল মানাস ৰাষ্ট্ৰীয় উদ্যানেই নহয়, পৰ্যটকৰ বাবে মুকলি হ’ল বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park opened for tourists) ৷ দেওবাৰে পুৱাই ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ বাবে কাজিৰঙাৰ কহঁৰা বনাঞ্চলৰ মিহিমুখত দূৰ-দূৰণিৰ পৰা আহি ভিৰ কৰে পৰ্যটকে ৷ জীপ ছাফাৰী কৰি উৎফুল্লিত হোৱাও পৰিলক্ষিত হয় পৰ্যটকসকল ৷
ইফালে প্ৰতিকূল বতৰৰ বাবে বৰ্তমানৰ ৰাস্তাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উদ্যানখন কেৱল ২ টা ৰেঞ্জত জীপ ছাফাৰীৰ বাবে আংশিকভাৱে মুকলি কৰা হৈছে । পৰ্যটকৰ বাবে মুকলি থাকিব উদ্যানখনৰ কহঁৰা আৰু বাগৰী ৰেঞ্জৰ নিৰ্ধাৰিত এলেকা ৷
লগতে পঢ়ক : পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান