ETV Bharat / state

হাতী-মানুহৰ সংঘাতক লৈ বাক্সাত বন বিভাগৰ সজাগতা সভা - হাতী মানুহৰ সংঘাতক লৈ সজাগতা সভা বাক্সা জিলা বন বিভাগৰ

বাক্সা জিলা বন বিভাগৰ সজাগতা সভা ৷ জনসাধাৰণৰ মাজত হাতী খেদিবলৈ বিতৰণ কৰিলে টৰ্চ লাইট , ফটকা আদি ৷

হাতী মানুহৰ সংঘাতক লৈ সজাগতা সভা
author img

By

Published : Jun 28, 2019, 7:57 AM IST

Updated : Jun 28, 2019, 1:21 PM IST

তামুলপুৰ, 28 জুন : বাক্সাৰ ভূটান সীমান্তত হাতী-মানুহৰ সংঘাত অব্যাহত থকাৰ সময়তে এই বিষয়ক লৈ সজাগতা সভা অনুষ্ঠিত কৰিলে বাক্সা জিলা বনবিভাগে ৷ ভাৰত ভূটান সীমান্তৰ ওৰাংবস্তি এল পি স্কুলত অনুষ্ঠিত এই সজাগতা সভাত বন বিভাগৰ তৰফৰ পৰা জনসাধাৰণৰ মাজত হাতী খেদিবলৈ টৰ্চ লাইট , ফটকা আদি বিতৰণ কৰা হয় । ইপিনে উক্ত সভাত বাক্সাৰ জিলা বন বিষয়া ভৱেশ দাস উপস্থিত থাকি হাতী মানুহৰ সংঘাতৰ বাবে মানুহকেই দোষাৰোপ কৰি খাদ্যৰ সন্ধানতেই বনাঞ্চলৰ পৰা জনাঞ্চললৈ জাক জাক হাতী ওলাই আহি জনসাধাৰণৰ খেতি ,ঘৰ বাৰী, নষ্ট কৰি বনৰীয়া হাতীয়ে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰি আহিছে বুলি মন্তব্য কৰে ।

হাতী মানুহৰ সংঘাতক লৈ সজাগতা সভা

লগতে মানুহেও হাতী খেদিব গৈ হাতীক আক্ৰমণ কৰাৰ ফলত অধিক আক্ৰমণাত্মক হৈ হাতীয়ে মানুহকো হত্যা কৰি আহিছে । গতিকে হাতীক আক্ৰমণ কৰাৰ সলনি ধৈৰ্য্য সহকাৰে খেদি পঠিওৱাৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলিও উল্লেখ কৰে বন বিষয়া গৰাকীয়ে । তদুপৰি জিলাখনৰ বনাঞ্চলৰ অধিকাংশই বৰ্তমান মানুহৰ বেদখলৰ কবলত পৰাত মানুহে বনাঞ্চলসমূহ দখল কৰি নিজ সুবিধাৰ বাবে ব্যৱহাৰ কৰি অহাৰ ফলত বন্য প্ৰাণীৰ খাদ্যস্থান, বাসস্থানৰ অভাৱ হৈছে সেয়েহে বণ্য প্ৰাণীয়ে মানুহৰ লগত সংঘাতত লিপ্ত হৈছে ।

Intro:বাক্মাৰ ভূটান সীমান্তত অৱ্যহত আছে হতী মানুহৰ সংঘাত।Body:তামুলপুৰ,২৭/৬/১৯.
তামুলপুৰ মহকুমাৰ অন্তৰ্গত গোৰেশ্বৰৰ ভাৰত ভূটান সীমান্তত হাতী মানুহৰ সংঘাত ক লৈ সজাগতা সভা পাতিলে বাক্মা জিলা বন বিভাগে।ভাৰত ভূটান সীমান্তৰ ওৰাংবস্তি এল পি স্কুলত অনুষ্ঠিত সজাগতা সভাত বন বিভাগৰ তৰফৰ পৰা জনসাধাৰণক হাতী খেদিবলৈ টৰ্চ লাইট ,ফটকা বিতৰণ কৰা হয়।সভাত বাক্মা জিলা বন বিষয়া ভৱেশ দাস উপস্থিত থাকি,হাতী মানুহৰ সংঘাতৰ বাবে মানুহকে দোষাৰোপ কৰে।ভাষণত তেও কয় ,
খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ জাক জাক হাতী ওলাই আহি জনসাধাৰণৰ খেতি ,ঘৰ বাৰী, নষ্ট কৰি এক আতংক ময় পৰিবেশৰ সৃষ্টি কৰি আহিছে বনৰীয়া হাতীয়ে।মানুহেও হাতী খেদিব গৈ হাতীক আক্ৰমণ কৰাৰ ফলত হাতীয়ে অধিক আক্ৰামাত্মক হৈ মানুহকো হত্যা কৰি আহিছে।গতিকে হাতীক আক্ৰামণ কৰাৰ সলনী ধৰ্য্য সহকাৰে খেদিপঠাব লাগে।তদুপৰি জিলাখনৰ বনাঞ্চলৰ অধিকাংশ ই বৰ্তমান মানুহৰ বেদখলৰ কবলত পৰিছে।মানুহে বনাঞ্চল সমুহ দখল কৰি নিজ সুবিধাৰ বাবে ব্যৱহাৰ কৰি আহাৰ ফলত বণ্য প্ৰাণীৰ খাদ্য স্থান, বাস স্থান ৰ অভাৱ হৈছে সেয়েহে বণ্য প্ৰাণীয়ে মানুহৰ লগত সংঘাতত লিপ্ত হৈছে।
তামুলপুৰৰ পৰা দ্বীপেন শৰ্মা ,ETV Bharat.assam. Conclusion:
Last Updated : Jun 28, 2019, 1:21 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.