ETV Bharat / state

বাক্সাত লক্​ ডাউন উলংঘা ক্ষুধাৰ্ত জনতাৰ

author img

By

Published : May 2, 2020, 2:20 PM IST

বাক্সাত চৰকাৰী চাউল বিতৰণক লৈ সৃষ্টি উত্তপ্ত পৰিস্থিতি ৷ লক্​ ডাউন উলংঘা কৰি ওলাই আহে শতাধিক ক্ষুধাৰ্ত লোক । বাক্সাৰ শশীপুৰ হাইস্কুলত সংঘটিত হৈছে এই ঘটনা ৷

লক্​ ডাউন উলংঘা
লক্​ ডাউন উলংঘা

বাক্সা,2 মে’ : বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ দৰঙামেলাৰ শশীপুৰত চৰকাৰী চাউল বিতৰণক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি । লক্​ ডাউনৰ সময়ছোৱাত চৰকাৰে ৰেচন কাৰ্ড নথকা লোকক 5 কিলোগ্ৰামকৈ চাউল যোগান ধৰি আহিছে যদিও বিভিন্ন অঞ্চলত প্ৰকৃত হিতাধিকাৰীয়ে এই সাহায্য লাভ কৰা নাই ৷ একাংশ বিতৰকৰ ভুলৰ বাবে চৰকাৰী চাউল লাভৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে দৰঙামেলাৰ ৰেচন কাৰ্ড নথকা অধিকাংশ মহিলাই ৷ যাৰ বাবে লক্​ ডাউন উলংঘা কৰি কোনো সামাজিক দূৰত্ব বজাই নৰখাকৈ শতাধিক মহিলা ওলাই আহি শশীপুৰ হাইস্কুল চৌহদত প্ৰতিবাদ সাব্যস্ত কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷

লক্​ ডাউন উলংঘা

শেহতীয়াভাৱে কেইবাজনো লোক কৰ’ণাত আক্ৰান্ত হোৱাৰ পিছতো সজাগ হোৱা নাই সমাজৰ এচাম লোক ৷ ইফালে এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ তামুলপুৰ মহকুমাত ।

লগতে চাওকঃ বাতৰি সংগ্ৰহ কৰিবলৈ গৈ প্ৰহিত হ'ল সাংবাদিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.