ETV Bharat / state

ক’ত বিক্ৰী হয় এন্দুৰৰ মাংস ?

author img

By

Published : Jan 5, 2020, 10:04 AM IST

কুমাৰীকাটাৰ দেওবাৰৰ সপ্তাহিক বজাৰত একাংশ লোকে এন্দুৰৰ মাংস বিক্ৰী কৰিয়েই পৰিয়াল পোহপাল দি আছে ৷ বিক্ৰীৰ বাবে এই এন্দুৰসমূহ খেতি পথাৰ অথবা জংঘলত ফান্দ পাতি ধৰি অনা হয় ৷ ইয়াৰ মূল্য প্ৰতি কিল’গ্ৰামত প্ৰায় 200 টকা ৷

Kumarikata Rat meat market
ক’ত বিক্ৰী হয় এন্দুৰৰ মাংস?

কুমাৰীকাটা,5 জানুৱাৰীঃ বাক্সা জিলাৰ তামুলপুৰৰ এখন বিশেষ বজাৰ ৷ যি বজাৰত বিক্ৰী হয় এন্দুৰৰ মাংস ৷ কুমাৰীকাটাৰ দেওবাৰৰ সপ্তাহিক বজাৰত একাংশ লোকে এন্দুৰৰ মাংস বিক্ৰী কৰিয়েই পৰিয়াল পোহপাল দি আছে ৷ বিক্ৰীৰ বাবে এই এন্দুৰসমূহ খেতিপথাৰ অথবা জংঘলত ফান্দ পাতি ধৰি অনা হয় ৷ ইয়াৰ মূল্য প্ৰতি কিল’গ্ৰামত প্ৰায় 200 টকা ৷

কুমাৰীকাটাৰ দেওবাৰৰ সপ্তাহিক বজাৰ

একাংশ লোকে জানিবলৈ দিয়া অনুসৰি এটা বিশেষ সম্প্ৰদায়ৰ বাহিৰে এই বজাৰত এন্দুৰৰ মাংস সকলো লোকেই ক্ৰয় কৰে ৷ আনহাতে, বহু লোকৰ বিশ্বাস যে এন্দুৰৰ মাংস খালে ডাইবেটিছ ৰোগ নিৰাময় হয় ৷ সেয়েহে, সম্প্ৰতি এই এন্দুৰৰ মাংসৰ ব্যৱসায়ে অঞ্চলটোৰ বহুসংখ্যক লোকৰে জীৱিকাৰ সম্বলত পৰিণত হৈছে ৷

লগতে পঢ়ক-দৈজিং মহোৎসৱৰ মনোমোহা পৰিৱেশত অনুষ্ঠান পৰিৱেশন

Intro:এতিয়াও একাংশ লোকে এন্দুৰৰ মাংস বিক্ৰী কৰি নিজৰ পৰিয়াল পোহপাল দি আছে ।

Body:বাক্সা জিলা খনৰ তামুলপুৰ মহকুমাৰ এইখনেই সেই খন কুমাৰীকাটাৰ দেওবাৰৰ সপ্তাহিক বজাৰ যত বৰ্তমান সময়তো এন্দুৰ মাংসৰ ব্যৱসায় চলে। এতিয়াও একাংশ লোকে এন্দুৰৰ মাংস বিক্ৰী কৰি নিজৰ পৰিয়াল পোহপাল দি আছে আৰু সৰহসংখ্যক লোকৰে প্ৰিয় এন্দুৰৰ এই বিধ মাংস । ইয়াৰ মূল্য বৰ্তমান সময়ত দেশৰ ৰাজধানী দিল্লীৰ প্ৰতিকিলো পিয়াঁজৰ মূল্যৰ সমান ।
জানিব পৰা মতে ব্যৱসায়িক সকলে বিভিন্ন ঠাইৰ খেতি পথাৰ অথবা জংগলৰ পৰা ফান্দত লগাই এন্দুৰ সমূহ ধৰি আনে আৰু দেওবাৰে কুমাৰীকাটাৰ এখন বজাৰত বিক্ৰী কৰে ।

Conclusion:এন্দুৰৰ ব্যৱসায়িক এগৰাকী দিয়া ভাষ্য অনুসৰি এটা বিশেষ সম্প্ৰদায়ৰ বাহিৰে ইয়াত এন্দুৰ মাংস সকলোৱে ক্ৰয় কৰি খাই । উল্লেখ্য যে নব্বৈয় দশকত দেশৰ বিভিন্ন ৰাজ্যত এন্দুৰৰে ফ্লেগ মহামিৰী সন্ত্ৰাসৰ সৃষ্টি কৰিছিল কিন্তু এতিয়া তাৰ বিপৰীত ছবিহে দেখিবলৈ পোৱা যায় বহু লোকৰ বিশ্বাস যে এন্দুৰৰ মাংস খালে ডাইবিটিছ ৰোগ নিৰাময় কৰিব পাৰি বুলি । এতিয়া কিমান জন ডাইবিটিছ ৰোগীয়ে এন্দুৰৰ মাংস খাই ৰোগ নিৰাময় কৰিব পাৰিছে তাৰ কোনো তথ্য নাই ।

ভাষ্য :

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.