বাক্সা,18 নৱেম্বৰ: ম’বাইল গেমৰ জৰিয়তে প্ৰেমৰ জালত পৰি পলাই গ’ল বাক্সাৰ এগৰাকী যুৱতী ৷ যুৱতীগৰাকীক পলুৱাই নিয়াৰ অভিযোগ উত্থাপিত হৈছে চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ কলকাতাৰ শ্বেখ ৰছিদ আমিন নামৰ এগৰাকী 23 বছৰীয়া যুৱকৰ বিৰুদ্ধে ৷ প্ৰাপ্ত তথ্য অনুসৰি, যুৱতীগৰাকীয়ে ম’বাইলৰ গেমৰ জৰিয়তে যুৱকজনৰ সৈতে চিনাকী হৈছিল ৷
পৰৱৰ্তী সময়ত দুয়োগৰাকীৰ বন্ধুত্বই প্ৰেমৰ ৰূপ লাভ কৰে ৷ এনেকৈয়ে যুৱতীগৰাকীয়ে ঘৰৰ অজ্ঞাতে যুৱকজনে অনলাইনযোগে কাটি দিয়া ৰে’লৰ টিকট লৈ বিগত 5 নৱেম্বৰত ঘৰৰ পৰা অন্তৰ্ধান হয় ৷ যুৱতীগৰাকীৰ পৰিয়ালে এই বিষয়ে সম্ভেদ লাভ কৰাত বিচাৰ খোচাৰ কৰে যদিও যুৱতীগৰাকীৰ কোনো শুং-সূত্ৰ লাভ কৰিবলৈ সক্ষম নহয় ৷ অৱশেষত উপায়হীন পৰিয়ালটোৱে তামুলপুৰ আৰক্ষীৰ কাষ চাপে ৷
আৰক্ষীয়ে প্ৰাথমিক তদন্তৰ অন্তত কলকাতাৰ 24 পৰগনা জিলাৰ তিতাগড় থানাৰ এখন গাঁৱত যুৱতীগৰাকীৰ সন্ধান লাভ কৰে ৷ ইয়াৰ পিচতে তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গান্ধীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিজয় কুমাৰ দাসৰ নেতৃত্বত আৰক্ষীৰ এটি দল উপস্থিত হয় কলকাতাত ৷ অসমৰ পৰা যোৱা আৰক্ষীৰ দলটোৱে পশ্চিমবংগ আৰক্ষীৰ সহযোগত যুৱতীগৰাকীক উদ্ধাৰ কৰাৰ লগতে আটক কৰে শ্বেখ ৰছিদ আমিন নামৰ যুৱকগৰাকীক । বহু অপেক্ষাৰ অন্তত মঙলবাৰে নিশা যুৱতীগৰাকীৰ সৈতে ঘটনাত জড়িত থকা যুৱকগৰাকীক লৈ অসম আৰক্ষীৰ দলটো উপস্থিত হয় তামুলপুৰ আৰক্ষী থানাত ৷
লগতে পঢ়কঃ মৰাণ সমষ্টিত কংগ্ৰেছ দলৰ ব্যাপক খহনীয়া