বাক্সা/তামুলপুৰ, 17 অক্টোবৰ: ৰাজ্যত জেহাদ আৰু জেহাদীৰ বিৰুদ্ধে অব্যাহত আছে ব্যাপক অভিযান । য'তেই জেহাদীৰ সম্পৰ্ক পোৱা গৈছে তাতেই চলিছে অভিযান । আনকি জেহাদী কাৰ্যকলাপৰ বাবে ভাঙি দিয়া হৈছে মাদ্ৰাছা । লক্ষ্যণীয় বিষয় যে বিজেপি চৰকাৰৰ দিনত বিগত ছয় বছৰত অৰ্থাৎ 2016 চনৰ পৰা বৰ্তমানলৈকে জেহাদী সন্দেহত মুঠ 84 জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে (Arrested jihadi in Assam)।
উল্লেখ্য আজি পুনৰ দুই স্থানত জেহাদীৰ বিৰুদ্ধে চলিল আৰক্ষীৰ অভিযান (Jihadi Arrested in tamulpur) ৷ নলবাৰীৰ পৰা দুই জেহাদী গ্ৰেপ্তাৰৰ লগতে তামুলপুৰতো দুই দুধর্ষ জেহাদী গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । গ্ৰেপ্তাৰ হোৱা দুই জেহাদী ক্ৰমে চাদেক আলী (34) আৰু জাকিবুল আলী (23) । ইয়াৰে চাদেক আলী (34) নামৰ লোকজনৰ ঘৰ বৰপেটাৰ হাউলীত । তামুলপুৰ জিলাৰ 2 নং ডোঙাৰগাঁৱৰ এখন মাদ্ৰাছাত শিক্ষকতা কৰি জেহাদী কাৰ্যকলাপ চলাই আহিছিল ধৃত চাদেকে ।
আনহাতে জাকিবুল আলিৰ (23) ঘৰ নলবাৰী জিলাৰ ন-মাটিত বুলি জানিব পৰা গৈছে । দুই জেহাদীয়ে আনচাৰুল্লাহ বাংলা টীম চমুকৈ এবিটিৰ আৰু AQIS অল কায়দা ইণ্ডিয়ান চাব কেণ্টিনাইটেন গ্ৰুপৰ সদস্য বুলি জানিব পৰা গৈছে ।
গ্ৰেপ্তাৰ হোৱা দুই জেহাদী সম্পৰ্কত তামুলপুৰ জিলাৰ আৰক্ষী অধীক্ষক পংকজ যাদৱে জানিবলৈ দিয়া অনুসৰি দুই জেহাদীৰ ভিতৰত চাদেক আলি আছিল ইয়াৰ মূল মাষ্টাৰ মাইণ্ড । পূৰ্বেও জেহাদীটোৱে JMB আৰু অলকাইদাৰ সৈতে জড়িত হৈ বিভিন্ন অপৰাধমূলক কাম কৰিছিল । দুই অভিযুক্তৰ বিৰুদ্ধে তামুলপুৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ 189/22 ধাৰাত এটি গোচৰৰ ৰুজু কৰে আৰক্ষীয়ে ।
উল্লেখ্য যে নিজ নিজ দাবীত ৰাজ্যখনত গঢ় লৈ উঠা প্ৰায়বোৰ উগ্ৰপন্থী সংগঠন মূলসুঁতিলৈ ঘূৰি অহাৰ সময়ত কিন্তু বহু মৌলবাদী সংগঠন ৰাজ্যখনত সক্ৰিয় হৈ আছে । লক্ষ্যণীয় বিষয় যে কেন্ত্ৰীয় গৃহ মন্ত্ৰণালয়ে পূৰ্বতে দিয়া তথ্য মতে অসমত 19 টা মৌলবাদী সংগঠন কম-বেছি পৰিমাণে সক্ৰিয় হৈ আছে । জামাতুল মুজাহিদীন বাংলাদেশ নামৰ সংগঠনটোৱে 2014 চনত পশ্চিমবংগত বিস্ফোৰণ সংঘটিত কৰাৰ পাছত অসমত 19টা মৌলবাদী সংগঠন সক্ৰিয় হৈ থকাৰ তথ্য গৃহ মন্ত্ৰণালয়ে সংগ্ৰহ কৰিছিল ।
স্থানীয় সংগঠনসমূহৰ জৰিয়তে মৌলবাদৰ আদিপাঠ গ্ৰহণ কৰি জামাতুল মুজাহিদীন বাংলাদেশ নামৰ সংগঠনৰ লগ লাগিছিল অসমৰ যুৱক । 2014 চনৰ পৰা 'নিয়া'ই বৰ্ধমানৰ বোমা বিস্ফোৰণৰ তদন্ত কৰি অসমৰ বৰপেটা, গোৱালপাৰা, চিৰাং আৰু নলবাৰীত একাংশ যুৱকৰ জামাতুল মুজাহিদীন বাংলাদেশৰ সৈতে সম্পর্ক থকাটো ধৰা পেলাইছিল আৰু ছজনকৈ যুৱকক গ্ৰেপ্তাৰ কৰিছিল (NIA against Jihadi)।
নিয়াৰ তদন্ত প্ৰকাশ পোৱা অনুসৰি জামাতুল মুজাহিদীন বাংলাদেশ নামৰ সংগঠনটোৱে পশ্চিম বংগৰ লগতে অসম আৰু ঝাৰখণ্ডকো লক্ষ্য কৰি সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিছিল । অৰ্থাৎ বহুবছৰ ধৰি অসমত মৌলবাদীৰ কাৰ্যকলাপ অব্যাহত আছে । বৰ্তমান কেইবাটাও সক্ৰিয় হৈ উঠিছে । যাৰবাবে অসম চৰকাৰে কঠোৰ অভিযান আৰম্ভ কৰিছে ।
লগতে পঢ়ক: বিজেপি চৰকাৰৰ দিনত জেহাদী সন্দেহত গ্ৰেপ্তাৰ কৰা হৈছে ৮৪ জনক