বাক্সা,30 জুন: বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত লাওপাৰাত সদৌ চানতাল ছাত্র সন্থা(এছু) ৰ উদ্যোগত মঙলবাৰে পালন কৰা হয় সংহতি দিৱস ৷ উল্লেখ্য যে, বীৰ শ্বহীদ চিডো মুৰ্মু আৰু কানু মুৰ্মুৰ দুই ভাতৃয়ে 1855 চনৰ 30 জুনত বৃটিছ চৰকাৰৰ বিৰুদ্ধে ভাৰতবৰ্ষত প্ৰথম চাওতালী বিদ্ৰোহ ঘোষণা কৰিছিল ৷ ভাতৃদ্বয়ে ভগ্নাদি গাঁৱৰ প্ৰায় দহ সহস্ৰাধিকতকৈ অধিক চাওতাল জনগোষ্ঠীয় লোকক একত্ৰিত কৰি চিডো মুৰ্মুক ৰজা আৰু কানু মুৰ্মুক মন্ত্ৰী হিচাপে ঘোষণা কৰে ৷ ভাতৃদ্বয়ে চানতালী জনগোষ্ঠীৰ মাজত "কৰ য়া মৰ, ইংৰাজ আমাৰ মাটি চৰ, আপনা দেশ আপনা ৰাজ" আদি শ্লোগানেৰে সংগ্ৰাম গঢ়ি তুলিছিল ৷ তেতিয়াৰ পৰা সমগ্ৰ ভাৰতবৰ্ষতে চানতালী জনগোষ্ঠীৰ লোকসকলে চিদু আৰু কানু মুৰ্মুৰ প্ৰতিমুৰ্তিৰ সন্মুখত 30 জুনৰ দিনটো সংহতি দিৱস হিচাপে পালন কৰে ৷
লগতে চাওকঃ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ