তামুলপুৰ,12 ফেব্ৰুৱাৰীঃ পথ নিৰ্মাণত চূড়ান্তৰ অনিয়ম সংঘটিত হৈছে বিটিচিৰ অন্তৰ্গত বিভিন্ন এলেকাত ৷ অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গড়কাপ্তানী বিভাগৰ নিম্নমানৰ কামে চকু কপালত তুলিছে ৰাইজৰ ৷ গোৰেশ্বৰৰ মহৰিপাৰা বজাৰৰ পৰা ১নং ৰৌমাৰীলৈ যোৱা পথ নিৰ্মাণত ধৰা পৰে এই বিসংগতি ।
তথ্য অনুসৰি,গোৰেশ্বৰৰ মহৰিপাৰা বজাৰৰ পৰা ১নং ৰৌমাৰীলৈ যোৱা প্ৰায় ১.৭ কিল’মিটাৰ পথ ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ অধীনত ৮৪.২৫লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণৰ কাম হাতত লোৱা হৈছিল ৷ প্ৰকল্প সাপেক্ষে অসম চৰকাৰৰ অধীনত বাক্সা জিলাৰ মুছলপুৰ পথ আৰু গৃহ নিৰ্মাণৰ কাৰ্যালয়ৰ তত্ত্বাৱধানত সীমান্ত দাস নামৰ ঠিকাদাৰ এগৰাকীয়ে নিৰ্মাণৰ দায়িত্ব লাভ কৰে । ঠিকাদাৰ গৰাকীয়ে বিভাগীয় কৰ্তৃপক্ষৰ আশীৰ্বাদত পথটো ক্ৰুটিপূৰ্ণভাৱে নিৰ্মাণ কৰাৰ ফলত কিছুদিন পিছতে পথৰ উপৰিভাগ চকলা-চকলকৈ এৰাই যায়। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি,পথটো চি চি ব্লকেৰে নিৰ্মাণ হ’ব লাগিছিল যদিও ঠিকাদাৰ গৰাকীয়ে পথটো নিৰ্মাণত হেমাহি কৰে। উক্ত পথটি পুনৰ নিৰ্মাণ কৰিবলৈ ৰাইজে বিভাগীয় কৰ্তৃপক্ষক সংবাদ মাধ্যমৰ জৰিয়তে দাবী জনাইছে ।
লগতে চাওকঃ ডিমা হাছাও জিলা বন্ধ প্ৰত্যাহাৰৰ পিচতে অধিক অৱনতি হাফলঙৰ পৰিস্থিতি