ETV Bharat / state

Home Guards protest in Manah:উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিচতো গৃহৰক্ষী জোৱানে লাভ কৰা নাই বৰ্ধিত দৰমহা - মানাহত কৰ্মৰত গৃহৰক্ষী বাহিনীৰ জোৱানৰ প্ৰতিবাদ

মানাহত কৰ্মৰত গৃহৰক্ষী বাহিনীৰ জোৱানৰ প্ৰতিবাদী কাৰ্যসূচী । আজিও প্ৰাপ্যৰ পৰা বঞ্চিত মানাহৰ গৃহৰক্ষী জোৱানসকল । মানাহত কৰ্মৰত ১২৬ গৰাকী গৃহৰক্ষী বাহিনীয়ে প্ৰাপ্যৰ দাবীত এইদৰে জনালে প্ৰতিবাদ।

Home Guards protest news
মানাহত কৰ্মৰত গৃহৰক্ষী বাহিনীৰ জোৱানৰ প্ৰতিবাদ
author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 7:07 PM IST

মানাহত কৰ্মৰত গৃহৰক্ষী বাহিনীৰ জোৱানৰ প্ৰতিবাদ

বাক্সা, ২৯ ছেপ্টেম্বৰ: মানাহত কৰ্মৰত গৃহৰক্ষী বাহিনীৰ জোৱানসকল আজিও বঞ্চিত বৰ্ধিত প্ৰাপ্য দৰমহাৰ পৰা ৷ বিগত বৰ্ষতে গৃহৰক্ষী জোৱানৰ দৰমহা বৃদ্ধি পাইছিল যদিও মানাহৰ গৃহৰক্ষী জোৱানসকলক সেই দৰমহা আদায় নিদিয়াত শুক্ৰবাৰে জোৱানসকলে গ্ৰহণ কৰিলে প্ৰতিবাদী কাৰ্যসূচী ৷ দীৰ্ঘদিন ধৰি মানাহত কৰ্মৰত হৈ আছে শতাধিক গৃহৰক্ষী বাহিনীৰ জোৱান ৷ বিভিন্ন প্ৰতিকুল পৰিস্থিতিৰ মাজতো হাতত ৰাইফল লৈ অৰণ্য-বন্যপ্ৰাণীৰ সুৰক্ষাত নিয়োজিত এইসকল জোৱান ৷ পিছে চৰম বঞ্চনাৰ বলি হৈ এইসকল জোৱানে আজি হাতত ল'ব লগা হৈছে প্ৰতিবাদী কাৰ্যসূচী,কৰ্মবিৰতিৰ পন্থা ৷

উল্লেখযোগ্য যে বিগত বৰ্ষতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে গৃহৰক্ষী বাহিনীৰ জোৱানৰ দৰমহা ২৩,০১০ টকালৈ বৃদ্ধি কৰ হৈছিল ৷ সেইমৰ্মে ৰাজ্যৰ আন গৃহৰক্ষী বাহিনীৰ জোৱানে বৰ্ধিত দৰমহা লাভ কৰি আহিছে যদিও মানাহত কৰ্মৰত ১২৬ গৰাকী গৃহৰক্ষী বাহিনীৰ জোৱানে আজিও বঞ্চিত হৈ ৰৈছে বৰ্ধিত দৰমহা লাভৰ পৰা । তেওঁলোকে লাভ কৰিছে মাহেকত ৮,০০০ কৈ দৰমহা ৷

মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই নানা অচিলা দেখুৱাই জোৱানসকলক প্ৰাপ্য দৰমহা আদায় নিদিয়াত যোৱা ফেব্ৰুৱাৰীতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল । তেতিয়া মানাহ কৰ্তৃপক্ষই প্ৰাপ্য দৰমহা প্ৰদানৰ আশ্বাস দিছিল দিছিল যদিও সেয়া কাৰ্যকৰী নকৰাত ৰাষ্ট্ৰীয উদ্যানখনৰ বাঁহবাৰী, ভূঞাপাৰা, পানবাৰী আৰু কুকলু ৰেঞ্জত কৰ্মৰত মুঠ ১২৬ গৰাকী জোৱানে আজি মানাহৰ বাঁহবাৰী ৰেঞ্জ চৌহদত ধৰ্ণা তথা অনিৰ্দিষ্টকালীন কৰ্মবিৰতি গ্ৰহণ কৰে ৷

লগতে পঢ়ক:World Heart Day 2023: খোজ কাঢ়ি জীৱনশৈলী গঢ়াৰ আহ্বানৰে মহানগৰীত সজাগতা সমদল

ইপিনে, এই বিষয়টো সন্দৰ্ভত জোৱানসকলে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা হস্তক্ষেপ বিচাৰে ৷ উল্লেখযোগ্য যে মানাহৰ সুৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা গৃহৰক্ষী বাহিনীৰ জোৱানসকলে সীমাহীন কষ্ট কৰাৰ পাচতো তেওঁলোকক প্ৰাপ্যৰ পৰা বঞ্চিত কৰাটো তেনেই গৰ্হিত কাৰ্য বুলি চৰ্চিত হৈছে ৷

লগতে পঢ়ক:World Heart Day 2023: হৃদযন্ত্ৰক সুস্থ ৰাখিবলৈ আমি কিদৰে ইয়াৰ যত্ন লোৱা উচিত ? চিকিৎসকৰ পৰা জানি লওক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.