ETV Bharat / state

বিগত 10 মাহে শয্যাশায়ী এজন দুৰ্ভগীয়া ব্যক্তিৰ কাহিনী - দৰিদ্ৰ পৰিয়ালতো

এটি দুৰ্ভগীয়া পৰিয়াল। লক ডাউনৰ সময়চোৱাত হোৱা এক পথ দুৰ্ঘটনাত থানা বান হৈ পৰিল পৰিয়ালটো । একমাত্ৰ উৰ্পাজন কৰা ব্যক্তিজন দুৰ্ঘটনাত পতিত হোৱাৰ ফলতে এতিয়া পৰিয়ালটোৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ৷

বিগত 10 মাহে বিচনাত থকা এজন দৰিদ্ৰ দুৰ্ভগীয়া ব্যক্তিৰ কাহিনী

author img

By

Published : Jan 24, 2021, 8:34 AM IST

বাক্সা, 24 জানুৱাৰী : তামুলপুৰৰ এঘাৰ মাইলৰ উপেন শইকীয়া নামৰ ৩৮ বছৰীয়া ব্যক্তিগৰাকীয়ে এসময়ত সুন্দৰভাৱে নিজৰ পৰিয়ালতো পোহ-পাল দি আহিছিল । তেনে সময়তে আজিৰ পৰা প্ৰায় ১০ মাহ মান পূৰ্বে এক পথ দুৰ্ঘটনা পতিত হৈ উপেন শইকীয়াৰ ৰাজহাড় ভাঙি যোৱাৰ লগতে বিকল হৈ পৰে দুয়োখন ভৰি । তাৰপিছতে দৰিদ্ৰ পৰিয়ালটোৱে চিকিৎসাৰ বাবে সকলো সম্পত্তি বিক্ৰী কৰিলে যদিও আৰোগ্য নহ’ল উপেন ৷ যাৰ ফলত উপেন সৰ্বস্বান্ত হৈ পৰিল এতিয়া বসবাস কৰা ঘৰৰ ভেটি মাটিকনৰ বাহিৰে একো নাইকীয়া হ’ল ৷

বিগত 10 মাহে বিচনাত থকা এজন দৰিদ্ৰ দুৰ্ভগীয়া ব্যক্তিৰ কাহিনী

উপায়ন্তৰ হৈ পৰিয়ালতো পো-পাল দিবলৈ উপেনৰ পত্নী উত্তৰাই চাহৰ দোকানত কাম কৰি কোনোমতে পৰিয়ালতো পোহ-পাল দি আহিছে ৷ উপেনৰ প্ৰয়োজনীয় ঔষধ অথৰ অভাৱত ল’ব পৰা নাই পৰিয়ালটোৱে ৷ সম্প্ৰতি উপায়বিহীন হৈ উপেনৰ পত্নী উত্তৰাই স্বাস্থ্য়মন্ত্ৰী আৰু সদাশয় ৰাইজৰ সহায় বিচাৰিছে ৷ আপোনাৰ এধানিমান সহায়ে উপেন শইকীয়াৰ লগতে দৰিদ্ৰ পৰিয়ালতোৰ মুখত হাঁহি বিৰিঙাব পাৰে ৷ কোনো সদাশয় ব্যক্তিয়ে সহায় কৰিব বিচাৰিলে উত্তৰা শইকীয়াৰ ভাৰতীয় ষ্টেট বেংক একাউণ্ট নম্বৰ A/C- 37094891991 IFSCS- SBIN0015026 নম্বৰত আৰ্থিক সহায় আগবঢ়াব পাৰে ।

লগতে পঢ়কঃ আৰ জে ডিৰ অধ্যক্ষ লালু প্ৰসাদ যাদৱক দিল্লী এইমছত ভৰ্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.