ETV Bharat / state

শালবাৰীত ইউপিপিএলৰ কৰ্মী সভাত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Aug 15, 2021, 1:52 PM IST

শালবাৰীত শনিবাৰে অনুষ্ঠিত ইউপিপিএল(UPPL) দলৰ কৰ্মী সভাত উত্তপ্ত পৰিস্থিতি ৷ সভাত শালবাৰী জিলা ইউপিপিএলৰ সম্পাদক বিনোদ মুছাহাৰীৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ তুলিছে দলটোৰ সভাপতি যোগেশ্বৰ বসুমতাৰী আৰু শালবাৰী ব্লক মণ্ডলৰ উপ সভাপতি ৰূপ নাথ বড়োৱে ৷ দুটা ভাগত বিভক্ত হৈছে এই সমিতিখন ৷

heated situation in uppl meeting
ইউপিপিএলৰ সভাত উত্তপ্ত পৰিস্থিতি

বাক্সা, 15 আগষ্ট : শনিবাৰে বাক্সাৰ শালবাৰীত শনিবাৰে অনুষ্ঠিত হোৱা ইউপিপিএল(UPPL) দলৰ কৰ্মী সভাত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ শালবাৰী মহকুমাৰ অন্তৰ্গত নিমুৱা উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈছিল ইউপিপিএল দলৰ শালবাৰী জিলা সমিতিৰ সভাখন ৷

উক্ত সভাত শালবাৰী জিলা ইউপিপিএলৰ সম্পাদক বিনোদ মুছাহাৰীৰ বিৰুদ্ধে ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হয় ৷ এই অভিযোগ তোলে শালবাৰী জিলা ইউপিপিএলৰ সভাপতি যোগেশ্বৰ বসুমতাৰী আৰু শালবাৰী ব্লক মণ্ডলৰ উপ সভাপতি ৰূপ নাথ বড়োৱে ৷

ইউপিপিএলৰ সভাত উত্তপ্ত পৰিস্থিতি

লগতে পঢ়ক : বন বিভাগৰ কাৰ্যালয়ৰ ভেটিত শেলুৱৈ গজাৰ উপক্ৰম

নেতাদ্বয়ৰ অভিযোগ অনুসৰি, জিলা সমিতিখনত সম্পাদক বিনোদ মুছাহাৰীয়ে একনায়কত্ববাদ চলাইছে । যাৰ বাবে এতিয়া দুটা ভাগত বিভক্ত হোৱা দেখিবলৈ পোৱা গৈছে দলটোৰ জিলা সমিতিখন । তাৰ পাচতে জাঙুৰ খাই উঠে সভাখনত থকা দলটোৰ দুটা ফৈদৰ আন আন কৰ্মীসকল ।

প্ৰায় এঘণ্টা ধৰি উত্তপ্ত হৈ পৰে সভাখন । বিনোদ মুছাহাৰীয়ে শালবাৰী জিলা সমিতিলৈ অহা সকলো ধন স্বেচ্ছাই ব্যৱহাৰ কৰাৰ অভিযোগো উত্থাপন কৰিছে বিৰোধী পক্ষই ৷ এই উত্তপ্ত পৰিস্থিতিৰ বাবে সভা স্থগিত ৰাখিবলৈ বাধ্য হয় দলৰ সমিতিয়ে । দুটা ভাগত বিভক্ত এই সমিতিখনে পৰৱৰ্তী সময়ত কি ৰূপ লয় সেয়াহে হ’ব অতি লক্ষ্যণীয় বিষয় ।

লগতে পঢ়ক : তাৰাবাৰী আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.