ETV Bharat / state

তামুলপুৰত হাগ্ৰামা মহিলাৰীৰ প্ৰতিকৃতি দাহ

author img

By

Published : Dec 10, 2020, 9:06 PM IST

হাগ্ৰামা মহিলাৰীৰ প্ৰতিকৃতি দাহেৰে তামুলপুৰত প্ৰতিবাদ সাব্যস্ত ইউপিপিএল দলৰ ৷ ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োৰ বাহনত ক্ষতি সাধন কৰা লোকক ১২ ঘণ্টাৰ ভিতৰতে কৰায়ত্ত কৰিবলৈ দাবী তামুলপুৰ জিলা ইউপিপিএলৰ সভাপতি বিপুল বড়োৰ ৷

Hagrama mohilary's image burn in Tamulpur
তামুলপুৰত হাগ্ৰামা মহিলাৰীৰ প্ৰতিকৃতি দাহ

বাক্সা, 10 ডিচেম্বৰ: বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ পাছতে ক্ৰমাৎ হিংসাত্মক হৈ পৰিছে বিটিচি ৷ এটাৰ পাছত আনটো হিংসাত্মক ঘটনা সংঘটিত হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পাছতে ৷ বুধবাৰে কোকৰাঝাৰ জিলাৰ ১১ নং বাওখুংগ্ৰী পৰিষদীয় সমষ্টিত ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োৰ বাহনত ক্ষতি সাধন কৰাৰ পাছতে ক্ৰমাত বিপিএফৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ইউপিপিএল দলে ৷

বৃহস্পতিবাৰে তামুলপুৰ জিলা ইউপিপিএল দলে বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰী আৰু ১১ নং বাওখুংগ্ৰী পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী দানেশ্বৰ গয়াৰীৰ প্ৰতিকৃতি দাহ কৰে ৷ হাগ্ৰামা মহিলাৰী গ' বেক, বিপিএফৰ গুণ্ডাগিৰী নচলিব আদি শ্ল'গান দি প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োৰ বাহনত ক্ষতি সাধন কৰা লোকক ১২ ঘণ্টাৰ ভিতৰতে কৰায়ত্ত কৰিবলৈ দাবী জনায় তামুলপুৰ জিলা ইউপিপিএলৰ সভাপতি বিপুল বড়োৱে ৷

লগতে পঢ়ক: তেজপুৰত শ্বহীদ দিৱস পালন অসম জাতীয় পৰিষদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.