তামুলপুৰ,19মে': সমাগত বাৰিষা ৷প্ৰতিটো বাৰিষাই বিশেষকৈ নৈ পৰীয়া ৰাইজক খুৱাই জ্বলা-কলা ৷ বাৰিষা অহাৰ প্ৰাকমূৰ্হুতত এতিয়া তৎপৰ হৈ পৰিছে চৰকাৰ-প্ৰশাসন ৷ ইপিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোৰেশ্বৰতো বৃদ্ধি পাইছে প্ৰশাসনৰ তৎপৰতা ৷ বিগত বাৰিষাত পুঠিমাৰী নৈয়ে গোৰেশ্বৰৰ বিভিন্ন স্থানত যথেষ্ট ক্ষতি সাধন কৰিছিল ৷ বিশেষকৈ গোৰেশ্বৰৰ বেটাইগাঁও,মাৰেগাঁও,শলমাৰী,নিজকোছোলা,হাৰিজোৰাকে ধৰি কেইবাখনো গাঁওত বিস্তৰ ক্ষতি সাধন কৰিছিল বানপানী আৰু গৰাখহনীয়াই ৷ ইয়াৰ উপৰিও কেইবাটাও অঞ্চলত নৈ খনৰ মথাউৰী চিঙি প্ৰবল বানপানী সৃষ্টি হৈ ৰাইজৰ ঘৰ বাৰীকে ধৰি কৃষিভূমিৰ ক্ষতি সাধন কৰিছিল ৷যাৰ পৰিপ্ৰেক্ষিতত এতিয়া আগন্তুক বাৰিষাক লৈ শংকিত হৈ পৰিছে গোৰেশ্বৰৰ সাধাৰণ ৰাইজ ৷ কিন্তু মথাউৰী নিৰ্মাণ আৰু খহনীয়া ৰোধ কৰিবলৈ এতিয়াও কাণসাৰ নাই চৰকাৰ-প্ৰশাসনৰ ৷
যি সময়ত দেশত লকডাউন চলি থাকিলেও মথাউৰী নিৰ্মাণ ৰ কাম চলি থাকিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জলসম্পদ বিভাগক নিৰ্দেশ দিছিল তেনে সময়তো গোৰেশ্বৰ অঞ্চলৰ মথাউৰীৰ মেৰামতি নোহোৱা কাৰ্যই এতিয়া নৈ পৰীয়া ৰাইজক চিন্তিত কৰি তুলিছে ৷
আনহাতে,পুঠিমাৰী নৈৰ খহনীয়া আৰু মেৰামতি নোহোৱা মথাউৰীৰ বিষয়ে জানিব পাৰি আজি তৎপৰতা দেখুৱাই গোৰেশ্বৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জোনটি ডেকাই৷ বিষয়াগৰাকীয়ে আজি গোৰেশ্বৰৰ নৈ পৰীয়া অঞ্চলসমূহ নিজেই পৰিভ্ৰমণ কৰি জলসম্পদ বিভাগক অতি শীঘ্ৰে খহনীয়া ৰোধ আৰু মথাউৰী মেৰামতিৰ বাবে এক নিৰ্দেশনা প্ৰেৰণ কৰে ৷
লগতে পঢ়কঃযুদ্ধ সদৃশ পৰিৱেশৰ পৰিল যৱনিকাঃএনকাউণ্টাৰত নিহত হত্যাকাৰী সঞ্জয় দাস