ETV Bharat / state

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গান্ধীবাৰীত গণ সত্যাগ্ৰহ - সদৌ অসম ছাত্ৰ সন্থা

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তামুলপুৰত আয়োজন কৰা গণ সত্যাগ্ৰহত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে ৷ অনুষ্ঠানত প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ
গান্ধীবাৰীত গণ সত্যাগ্ৰহ
author img

By

Published : Dec 18, 2019, 8:27 PM IST

বাক্সা,18 ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ১৬ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা গণ সত্যাগ্ৰহৰ অংশস্বৰূপে তামুলপুৰ মহকুমাতো আয়োজন কৰা হয় বিশাল সত্যাগ্ৰহ ৷ সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ টা জনগোষ্ঠীয় সংগঠনৰ আহ্বানমৰ্মে সত্যাগ্ৰহৰ আয়োজন কৰা হয় ৷ তামুলপুৰ মহকুমাৰ অন্তৰ্গত দক্ষিণ ডেফেলী আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দক্ষিণ ডেফেলী আঞ্চলিক সমিতিৰ উদ্যোগত গান্ধীবাৰী হাইস্কুল খেলপথাৰত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ গ্ৰহণ কৰে ।

গান্ধীবাৰীত গণ সত্যাগ্ৰহ

বিভিন্ন জনগোষ্ঠী আৰু বিভিন্ন সংগঠনৰ বেনাৰত সত্যাগ্ৰহথলীত অংশগ্ৰহণকাৰী সকলে "সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ","হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ","নৰেন্দ্ৰ মোডী হায় হায়", "হিটলাৰী শাসন নচলিব", "অসম বাংলাদেশীৰ চৰণীয়া পথাৰ নহয়", আদি শ্লোগান দিয়ে ৷ বেনাৰ, ফেষ্টুন হাতে হাতে লৈ "হয় আইনখন বাতিল কৰক নহয় আমাক গ্ৰেপ্তাৰ কৰক", "জয় আই অসম", "অবৈধ হিন্দু বাংলাদেশী গ' বেক" আদি শ্লোগানেৰে অঞ্চলটো উত্তাল কৰি তোলে ।

হাজাৰ হাজাৰ পুৰুষ-মহিলাই অংশগ্ৰহণ কৰা গণ সত্যাগ্ৰহথলীত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাত সদৌ অসম ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক পূৰ্ণ ডেকা,বাক্সা জিলা ছাত্ৰ সন্থাৰ সভাপতি গোৱিন্দ শৰণীয়া, বাক্সা জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক দুলুজিত দাস, জ্যেষ্ঠ নাগৰিক ফণীধৰ কাকতি, তামুলপুৰ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি অজয় বড়ো, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দক্ষিণ ডেফেলী আঞ্চলিক সমিতিৰ সভাপতি হীৰক জ্যোতি মালাকৰ, কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰদীপ দাস আদিয়ে ভাষণ প্ৰদান কৰে ৷

আৰু পঢ়ক : নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি গণ সত্যাগ্ৰহ

Intro:তামুলপুৰৰ গান্ধীবাৰীত আছুৰ উদ্যোগত গণ সত্যাগ্ৰহঃ অংশ ললে কেবা সহস্ৰাধিক পুৰুষ -মহিলাই

Body:সংশোধিত নাগৰিকত্ব আইন বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০টা জনগোষ্ঠীয় সংগঠনৰ আহ্বান মৰ্মে ১৬ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা গণ সত্যাগ্ৰহ আজি তামুলপুৰ মহকুমাৰ অন্তৰ্গত দক্ষিণ ডেফেলী আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দক্ষিণ ডেফেলী আঞ্চলিক সমিতিৰ উদ্যোগত গান্ধীবাৰী হাইস্কুল খেলপথাৰত হাজাৰ হাজাৰ লোকে স্বতঃস্ফূৰ্ত ভাৱে ওলাই আহি অংশগ্ৰহণ গ্ৰহণ কৰে।
বিভিন্ন জনগোষ্ঠী আৰু বিভিন্ন সংগঠনৰ বেনাৰত সত্যাগ্ৰহ থলীত অংশ গ্ৰহণকাৰীসকলে "সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, নৰেন্দ্ৰ মোডী হায় হায়,হিটলাৰী শাসন নচলিব,জাতিদ্ৰোহী হিমন্তৰ মুখত ওৱাক থুই,অসম বাংলাদেশীৰ চৰণীয়া পথাৰ নহয়, অসম চৰকাৰ হায় হায়, জাতিদ্ৰোহী সৰ্বানন্দ ওৱাক থুই আদি লিখা থকা
ফেষ্টুন আদি হাতে হাতে লৈ "হয় কা বাতিল কৰক নহয় আমাক গ্ৰেপ্তাৰ কৰক, জয় আই অসম,অবৈধ হিন্দু বাংলাদেশী গ'বেক আদি শ্ল'গান দি গোটেই অঞ্চলটো উত্তাল কৰি তোলে।

Conclusion:হাজাৰ হাজাৰ পুুৰুষ-মহিলাই অংশগ্ৰহণ কৰা গণ সত্যাগ্ৰহ থলীত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাত সদৌ অসম ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক পূৰ্ণ ডেকা,বাক্সা জিলা ছাত্র সন্থাৰ সভাপতি
গোৱিন্দ শৰণীয়া, বাক্সা জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ডুলুজিত দাস, জ্যেষ্ঠ নাগৰিক ফণীধৰ কাকতি,তামুলপুৰ মহকুমা ছাত্র সন্থাৰ সভাপতি অজয় বড়ো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দক্ষিণ ডেফেলী আঞ্চলিক সমিতিৰ সভাপতি হীৰক জ্যোতি মালাকৰ, কোচ ৰাজবংশী ছাত্র সন্থাৰ প্ৰদীপ দাস আদিয়ে ভাষণ দিয়ে।

Byte

Ajit Rabha Baksa
ETV Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.