ETV Bharat / state

Cattle smuggling in Baksa: বাক্সাৰ চাৰি চোৰাং গো-সৰবৰাহকাৰীক কাৰাগাৰলৈ প্ৰেৰণ - Cattle smuggling in Assam

বাক্সাত চোৰাং গৰু সৰবৰাহেৰে জড়িত চাৰি সৰবৰাহকাৰীক কাৰাগাৰলৈ প্ৰেৰণ (Cattle smuggling in Baksa) ৷ 2 ডিচেম্বৰত বৰমা আৰক্ষীয়ে দুখন বাহনৰ পৰা 17 টা চোৰাং গৰুসহ চাৰি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছিল ৷ চোৰাং গো-সৰবৰাহকাৰী কেইটাক নলবাৰী জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে (Cattle smuggler arrested) ৷

Illegal cow smuggling
বাক্সাত চাৰি চোৰাং গো-সৰবৰাহকাৰীক কাৰাগাৰলৈ প্ৰেৰণ
author img

By

Published : Dec 6, 2022, 12:37 PM IST

বাক্সা, 6 ডিচেম্বৰ: গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পিছতো ৰাজ্যত অব্যাহত আছে গৰু-ম’হৰ ৰমৰমীয়া চোৰাং বেহা (Cattle smuggling in Assam) ৷ এইবাৰ বাক্সাত আৰক্ষীৰ জালত ১৭ টা চোৰাং গৰুসহ চাৰিটা সৰবৰাহকাৰী ৷

উল্লেখ্য যে, বিগত 2 ডিচেম্বৰ তাৰিখে আৰক্ষীয়ে অভিযান চলাই As 14 AC 0210 আৰু As 25 CC 3696 নম্বৰৰ বাহন দুখনৰ পৰা জব্দ কৰিছিল গৰু কেইটা ৷ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ইমৰান হুছেইন, মইদুৰ আলী, হানচেৰ আলী আৰু মাইনুল হুছেইন নামৰ সৰবৰাহকাৰী কেইটাক (Cattle smuggler arrested) ৷ আটাইকেইটা গৰু জিলাখনৰ বাহিৰলৈ নিয়াৰ সময়তে বৰমা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছিল গৰুকেইটা (Baksa Police arrested Cattle smuggler) ৷

চোৰাং গৰু সৰবৰাহেৰে জড়িত আটাইকেইটা সৰবৰাহকাৰীক সোমবাৰে নলবাৰী জিলা কাৰগাৰলৈ প্ৰেৰণ কৰে বৰমা আৰক্ষীয়ে ৷ উল্লেখ্য যে, আৰক্ষীয়ে গো-সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও নিতৌ ন ন কৌশল অৱলম্বন কৰি একাংশই অব্যাহত ৰাখিছে চোৰাং গৰুৰ ব্যৱসায় ৷

বাক্সাত চাৰি চোৰাং গো-সৰবৰাহকাৰীক কাৰাগাৰলৈ প্ৰেৰণ

কেৱল নিশাই, দিন-দুপৰতো অতি কৌশলৰে সৰৱৰাহ কৰি আহিছে চোৰাং গৰু-ম’হ ৷ সম্প্ৰতি বিলাসী বাহনেৰেও গৰু সৰবৰাহত নামি পৰিছে অসাধু চক্ৰ ৷ ইফালে, বাক্সা জিলাত ব্যাপকভাৱে বৃদ্ধি বাইছে গৰুৰ চোৰাং বেহা ৷ দৈনিক বহু পৰিয়ালৰ ঘৰৰ পৰা চুৰি হৈ আহিছে গৰু ৷

এই সমূহ চোৰাং গৰু ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে বহিঃৰাজ্যলৈ চালান দি আহিছে গো-সৰবৰাহকাৰীয়ে ৷ জিলাখনত এনেদেৰে নিতৌ গৰু চুৰি হৈ ঘটনা আৰক্ষীৰ নিৰ্লিপ্ততাৰ বাবেই সংঘটিত হৈ আহিছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে (Cow smuggling in Baksa) ৷

লগতে পঢ়ক: গৰুচোৰে কাটি নিলে গৃহস্থৰ কাণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.