বাক্সা, 27 জুলাই : বাক্সাৰ বগৰীবাৰীত দূৰ্ভোগ আতঁৰা নাই ৰাইজৰ ৷ মথাউৰি চিঙি পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে শেষ কৰিলে খেতিৰ লগতে সপোনৰ ঘৰখন । যাৰ বাবে এতিয়া মথাউৰিৰ ওপৰতে শিবিৰ পাতি থাকিবলগীয়া হৈছে শশ লোক । এনে অৱস্থাতে বানাক্ৰান্তৰ মাজত উপস্থিত হয় উত্তৰ বেতনা সমাজ সংস্কাৰক বাহিনী আৰু ডাৱৰ ইণ্ডিয়া লিমিটেড ৷
উত্তৰ বেতনা সমাজ সংস্কাৰক বাহিনী আৰু ডাৱৰ ইণ্ডিয়া লিমিটেডৰ সহযোগত বগৰীবাৰী বানাক্ৰান্ত ৰাইজৰ মাজত বিতৰণ কৰা হয় খাদ্য সামগ্ৰী । খাদ্যৰ অভাৱ আৰু যাতায়ত যোগাযোগৰ পৰা বঞ্চিত এইসকল বানাক্ৰান্তক এইদৰে দুয়োটা অনুষ্ঠানে সাময়িক সকাহ প্ৰদান কৰে ৷ অঞ্চলটোত এতিয়াও বগৰীবাৰী,উলুবাৰী,ধেপাৰগাওঁ,খন্দিকৰ আদি কেইবাখনো গাঁৱৰ ৰাইজ বানত আক্ৰান্ত হৈ জুৰুলা হৈ পৰিছে ৷
লগতে পঢ়কঃ ১৯৯১ চনৰ ২৭ জুলাই: এই দিনটোত আজিও উচুপে কাৰোবাৰ আত্মীয়ই