বাক্সা,27 ফেব্ৰুৱাৰী: বাক্সাৰ ৬২ নং বৰমা বিধানসভা সমষ্টিৰ অন্তৰ্গত গড়ভিতৰ গাঁৱত নাই উন্নয়নৰ কোনো চানেকি ৷ বিগত তিনিবছৰ পূৰ্বে পাগলাদিয়া নদীৰ বানে বিধ্বস্ত কৰা গাঁৱখনৰ বিধ্বস্ত বাট-পথ বৰ্তমানেও সূচল হৈ নুঠিল ৷ যাতায়াতৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি যমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে এই গাঁৱৰ ৰাইজে ৷ বিশেষকৈ গড়ভিতৰ-ধমধমা সংযোগী পকী পথচোৱা বানে খহাই নিয়াৰ ফলত অসুবিধাৰ সন্মুখীন হ’ব লগাত পৰিছে অঞ্চলবাসীয়ে ৷
উল্লেখ্য যে, পাগলাদিয়াৰ বানে গাঁৱখনৰ মাজত থকা পকী দলঙখনৰ এটা মুৰ খহাই নিয়াত উপায়ন্তৰ হৈ ৰাইজে বাঁহৰ দলং সাজি যাতায়াত কৰি আহিছে ৷ কিন্তু এই পথচোৱাৰে চাৰিচকীয়া বাহন অহা-যোৱা কৰিব নোৱাৰাত অধিক সমস্যাৰ সম্মুখীন হৈছে গাঁওবাসী ৷
এই বিষয়ে গাঁৱখনৰ ৰাইজে স্থানীয় বিধায়ক মনেশ্বৰ ব্ৰহ্ম, বিটিচিৰ তদানীন্তন এমচিএলএ-ক বাৰম্বাৰ অৱগত কৰিও কোনো সঁহাৰি লাভ কৰিবলৈ সক্ষম নহ'ল ৷ আনকি বৰ্তমানৰ বিটিচি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক অৱগত কৰিও সুফল পোৱা নাই বুলি ক্ষোভ প্ৰকাশ কৰে স্থানীয় লোকে ৷ যাৰ পৰিপ্ৰেক্ষিতত গাঁৱখনৰ ৰাইজে এইবাৰ ভোট বৰ্জনেৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰে ৷
লগতে পঢ়কঃ তেজস্বী যাদৱৰে কংগ্ৰেছ-এআইইউডিএফৰ বৈঠক