ETV Bharat / state

বাক্সাত কৃষকৰ মাজত ভূমি স্বাস্থ্য পত্ৰ আৰু সাৰ বিতৰণ

author img

By

Published : Feb 4, 2021, 5:51 PM IST

বৃহস্পতিবাৰে বাক্সাৰ বগলামাৰীৰ কৃষকক ভূমি স্বাস্থ্য পত্ৰ প্ৰদান কৰে জিলা কৃষি বিভাগে । লগতে বিভাগীয় বিষয়াসকলে কৃষকৰ মাজত সাৰ বিতৰণ কৰে ।

বাক্সাত কৃষকৰ মাজত ভূমি স্বাস্থ্য পত্ৰ আৰু সাৰ বিতৰণ
বাক্সাত কৃষকৰ মাজত ভূমি স্বাস্থ্য পত্ৰ আৰু সাৰ বিতৰণ

বাক্সা, ৪ ফেব্ৰুৱাৰী: কৃষিভূমিত শস্যৰ উৎপাদন বৃদ্ধিৰ উদ্দেশ্যেৰে বাক্সাত জিলা কৃষি বিভাগে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । মডেল ভিলেজ আঁচনিৰ অধীনত জিলাখনৰ প্ৰতিটো ব্লকৰে এখনকৈ গাঁৱক নিৰ্বাচিত কৰি সেই গাঁওখনৰ কৃষি ভূমি পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছে জিলা কৃষি বিভাগে । বৃহস্পতিবাৰে মডেল ভিলেজ আঁচনিৰ অধীনত বাক্সাৰ বগলামাৰীত জিলা কৃষি বিভাগে ৫৮০ গৰাকী কৃষকৰ মাজত ভূমি স্বাস্থ্য পত্ৰ আৰু সাৰ বিতৰণ কৰে ।

লগতে কৃষি বিভাগে আগবঢ়োৱা সুবিধাসমূহৰ বিষয়ে কৃষকসকলক অৱগত কৰে জিলা কৃষি বিষয়া মৃগেন স্বৰ্গীয়াৰীয়ে । খেতিয়কসকলৰ সন্মুখীন হৈ অহা সমস্যাৰ ওপৰত গুৰুত্ব আৰোপ কৰি চৰকাৰে সময়ে সময়ে সাৰ, বীজ, পাৱাৰ টিলাৰ, পাৱাৰপাম্প আদি বিতৰণ কৰি আহিছে ৷ আজিৰ অনুষ্ঠানত সহকাৰী জিলা কৃষি বিষয়া দুলাল দাস, কৃষি বিষয়া মহেশ্বৰ শৰ্মা আৰু সীমান্ত শৰ্মা উপস্থিত থাকে ।

লগতে পঢ়ক:ৰাজ্যসভাৰ অসমৰ এখন আসনৰ বাবে ১ মাৰ্চত নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.