বাক্সা,11 আগষ্ট: বিতৰ্ক সৃষ্টিৰে সংবাদ চৰ্চাত থাকি ভালপোৱা বিজেপিৰ এগৰাকী বিধায়ক হৈছে শিলাদিত্য দেৱ ৷ বিধায়কগৰাকীয়ে সময়ে সময়ে বিভিন্ন বিষয়ত বিতৰ্কিত মন্তব্য প্ৰকাশ কৰি তোলপাৰ লগায় ৰাজ্যৰ প্ৰতিখন ক্ষেত্ৰ ৷ শেহতীয়াকৈ বিধায়ক গৰাকীয়ে সাহিত্যিক, পদ্মশ্ৰী বঁটা প্ৰাপক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চৈয়দ আব্দুল মালিকৰ বিৰুদ্ধে প্ৰকাশ কৰিছিল সাম্প্ৰদায়িক মন্তব্য ৷ বিধায়ক গৰাকীৰ এনে মন্তব্যৰ বিৰোধিতাৰে গৰজি উঠিছে ৰাজ্যৰ প্ৰতিটো দল-সংগঠন ৷
মঙলবাৰে শিলাদিত্য দেৱৰ এই মন্তব্যৰ বিৰোধিতাৰে মুছলপুৰ আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰে গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ বাক্সা জিলা সমিতিয়ে ৷ বিতৰ্কিত মন্তব্যৰে সাম্প্ৰদায়িক বিষ-বাষ্প বিয়পোৱাৰ চেষ্টা চলোৱা বুলি বিধায়ক গৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি জিলাখনত বিধায়ক গৰাকীৰ প্ৰৱেশ নিষিদ্ধ কৰিছে সংগঠনটোৱে ৷ লগতে এই মন্তব্যৰ বাবে নিজৰ ভুল স্বীকাৰ কৰি অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিবলৈ বিধায়ক শিলাদিত্য দেৱক দাবী জনাই সংগঠনটোৰ কৰ্মকৰ্তাসকলে ৷
লগতে চাওকঃ প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ গুৰুত্বৰ অভিযোগ