বাক্সা, 4 জুলাইঃ ডক্ ডাউনৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত বৰলীয়াপাৰৰ কৃষক অমৰ শীলৰ । কৃষক অমৰ শীলে কেইবা বিঘা ভূমিত শাক-পাচলিৰ লগতে ডেৰ বিঘা মাটিত কৰা ৰজনীগন্ধা ফুলৰ খেতি এতিয়া পথাৰতে নষ্ট হৈছে ৷
সমগ্ৰ দেশৰ লগতে ৰাজ্যতো হোৰা-হোৰে বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ অকল সেইয়াই নহয় ৰাজ্যত এতিয়া ভয়ংকৰ হৈ পৰিছে বান পৰিস্থিতিয়ো ৷ ইতিমধ্যে কৰ'ণা প্ৰতিৰোধৰ বাবে চৰকাৰ প্ৰশাসনে ঘোষণা কৰিছে ইটোৰ পিছত সিটো লক ডাইন ৷ ফলত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কৃষক সকলৰ লগতে সাধাৰণ লোকৰ জন-জীৱন ৷ ইতিমধ্যে গুৱাহাটী মহানগৰীত পুনৰ ১৪ দিনৰ লক ডাউন হোৱাৰ বাবে বিপদত পৰিছে বাক্সাৰ জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত বৰলীয়াপাৰৰ কৃষক অমৰ শীল । কৃষক অমৰ শীলে কেইবা বিঘা ভূমিত জলকীয়া, তিয়ঁহ,কচু ,জিকাৰ লগতে ডেৰবিঘা মাটিত কৰিছিল ৰজনীগন্ধাৰ ফুলৰ খেতি ৷ কিন্তু লক ডাউনৰ বাবে উৎপাদিত শাক-পাচলিৰ লগতে ৰজনী গন্ধা ফুলৰ খেতিবোৰ এতিয়া গৰুক কাটি খুৱাবলৈ বাধ্য হৈছে ৷
অকল ফুলৰ খেতি নষ্ট হোৱাই নহয় লহ পহকৈ বাঢ়ি অহা শাক পাচলিৰে ভৰা খেতি ডৰা নেৰা-নেপেৰা বৰষুণৰ ফলত নষ্ট হৈ গৈছে এজোপাৰ পৰা আন এজোপা পাচলিৰ খেতি ৷ উপায়ন্তৰ হৈ উক্ত বিষয়টো কৃষক জনে তামুলপুৰ মহকুমা কৃষি বিভাগকো অৱগত কৰিছিল যদিও কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰে কৃষক জনে ৷
কপালৰ ঘাম মাটিত পেলাই কৰা শাক-পাচলি খেতিৰ লগতে ডেৰবিঘা মাটিত ৰজনীগন্ধাৰ ফুলৰ খেতি কৰোতে কৃষক জনৰ খৰচ হৈছিল কেবা হাজাৰ টকা ৷ কিন্তু লক ডাউনৰ বাবে এতিয়া উৎপাদিত পাচলিৰ লগতে ৰজনীগন্ধাৰ ফুল বিক্ৰি কৰিবলৈ নোৱাৰাত পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে কৃষক পৰিয়ালটোৰ ৷ কৃষক জনে এতিয়া উপায়ন্তৰ হৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ পৰা কিছু আৰ্থক সাহাৰ্য আশা কৰিছে ৷ নহ'লে লাভ হোৱাটো দূৰৰে কথা বৰ্তমান পৰিয়ালটো পোহ-পাল দিবলৈও হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কৃষক জনৰ ৷
লগতে পঢ়ক- নলবাৰীত মীনপালকৰ সফলতা