ETV Bharat / state

বাক্সাত অনুষ্ঠিত বিনামূলীয়া চকু চিকিৎসা শিবিৰ

ৰ'টাৰেক্ট আৰু ৰটাৰী ক্লাব গুৱাহাটী লুইতৰ উদ্যোগত আৰু বিটিএডি সাংবাদিক সন্থাৰ বাক্সা জিলা সমিতিৰ সহযোগত চকু চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয় ৷

author img

By

Published : Mar 22, 2021, 7:45 AM IST

বাক্সাত অনুষ্ঠিত বিনামূলীয়া চকু চিকিৎসা শিবিৰ
বাক্সাত অনুষ্ঠিত বিনামূলীয়া চকু চিকিৎসা শিবিৰ

বাক্সা, 22 মাৰ্চ: দেওবাৰে ৰ'টাৰেক্ট আৰু ৰটাৰী ক্লাব গুৱাহাটী লুইতৰ উদ্যোগত আৰু বিটিএডি সাংবাদিক সন্থাৰ বাক্সা জিলা সমিতিৰ সহযোগত বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী সুৱনখাটাত অনুষ্ঠিত হয় এক বিনামূলীয়া চকু চিকিৎসা শিবিৰ । সুৱনখাটা হাইস্কুলৰ প্ৰধীন শিক্ষক গনেশ শৰ্মাই উদ্বোধন কৰা এই শিবিৰত ১৫০ গৰাকী ব্যক্তিৰ চকু পৰীক্ষা কৰা হয় ।

চকু পৰীক্ষা কৰা ব্যক্তিসকলৰ ভিতৰত ৪৯ গৰাকী ৰোগীৰ চকু পৰীক্ষা কৰি অহা ২৬ আৰু ২৮ মাৰ্চত গুৱাহাটীৰ ছাত্ৰীবাৰীস্থ লায়ন্স চকু চিকিৎসালয়ত বিনামূলীয়া কেটাৰেক্ট অস্ত্ৰোপচাৰ কৰা হ'ব । আনহাতে একেটা অনুষ্ঠানতে সুৱনখাটা হাইস্কুলৰ ৪১২ গৰাকী ছাত্ৰীকো বিনামূলীয়াকৈ চেনিটাৰী পেড বিতৰণ কৰা হয় ।

দেওবাৰে এই অনুষ্ঠানত ৰটাৰী ক্লাৱ গুৱাহাটী লুইতৰ সভাপতি ৰাজীৱ ঠাকুৰ, চকু শিবিৰৰ প্ৰকল্প অধ্যক্ষ পৱন গোলচা, জিলা ৰটাৰী ক্লাৱৰ বিষয়ববীয়া তুষাৰ জালান, প্ৰাঞ্জল মেনাৰ লগতে সাংবাদিক বিনয় কুমাৰ বড়ো, নিৰেন কুমাৰ শৰ্মা, দীপাংকৰ বৰুৱা, শংকৰ ৰাজবংশী, খ্ৰৌমচাৰ বসুমতাৰী, দিলীপ বড়ো, যুৱ সাংবাদিক দেৱজিত নাথ, নাৰায়ণ পৰাজুলি, ৰিদীপ জ্যোতি দাসকে ধৰি বহু লোক উপস্থিত থাকে ।

লগতে পঢ়ক: জলেশ্বৰ সমষ্টিত এইবাৰ ব্যতিক্ৰমী প্ৰাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.