বাক্সা, 21 জানুৱাৰী: বাক্সা জিলাৰ ককলাবাৰী লক্ষী বজাৰত বৃহস্পতিবাৰে অনুষ্ঠিত ইউপিপিএল দলৰ এখন যৌথ কৰ্মী সভাত উপস্থিত থাকি ইউপিপিএলৰ কাৰ্যকৰী সভাপতি ৰণ গৌৰা নাৰ্জাৰীয়ে জানিবলৈ দিয়ে যে, মুছলপুৰ জিলা আৰু শালবাৰী জিলা ইউপিপিএলক লৈ তেওঁলোকে এক কৰ্মশালা আৰম্ভ কৰি দলীয় স্থিতি সন্দৰ্ভত আলোচনা আগবঢ়াইছে ৷ তেওঁ লগতে এই কথাও জানিবলৈ দিয়ে যে, সমাগত 2021 ৰ বিধান সভা নিৰ্বাচনৰ ৰণনীতি সন্দৰ্ভত এই কৰ্মী সভাত বিতংকৈ আলোচনা কৰা হৈছে ৷
ইউপিপিএল দলক লৈ ৰাইজৰ আৰু তেওঁলোকৰ কৰ্মী সকলৰ সঁহাৰি যথেষ্ট ভাল বুলি মন্তব্য কৰি তেওঁ কয় যে, "সকলোৰে মুখত এটাই কথা শুনিবলৈ পাইছোঁ যে ইউপিপিএল দলে যথেষ্ট কষ্ট কৰি বিটিআৰত চৰকাৰ গঠন কৰিছে ৷ ঠিক তেনেকৈ আগন্তুক বিধানসভা নিৰ্বাচনতো ইউপিপিএলে বিটিচিৰ 12 টাকৈ সমষ্টি দখল কৰিব আৰু কেনেকৈ দখল কৰিব সেই সম্পর্কে বৃহস্পতিবাৰৰ কৰ্মী সভাত আলোচনা কৰা হৈছে ৷"
দলটোৰ সকলো নেতা কৰ্মীয়ে দলটোক লৈ যথেষ্ট সক্ৰিয়ভাৱে ভাৱে কাম কৰি যাব বুলি আশ্বাস প্ৰদান কৰিছে বুলি জানিবলৈ দি তেওঁ কয় যে ইউপিপিএল, বিজেপি আৰু জিএচপিৰ মিত্ৰজোঁটৰ তিনিওটা দলে মিলি আগন্তুক ৰণনীতি চলাব ৷
বৃহস্পতিবাৰে অনুষ্ঠিত এই সভাত ইউপিপিএলৰ কাৰ্যকৰী সভাপতি ৰণগৌৰা নাৰ্জাৰীৰ লগতে অধ্যক্ষ কাতিৰাম বড়ো, কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীকে ধৰি দলটোৰ একাংশ নেতা কৰ্মী উপস্থিত আছিল ৷