ETV Bharat / state

উৎকোচ গ্ৰহণ কৰি হাতে-লোটে ধৰা পৰিল শিক্ষা বিভাগৰ কাৰ্যবাহী অভিযন্তা - ধৰা পৰিল শিক্ষা বিভাগৰ কাৰ্যবাহী অভিযন্তা

উৎকোচ গ্ৰহণ কৰা অৱস্থাত কৰায়ত্ত শিক্ষা বিভাগৰ এগৰাকী কাৰ্যবাহী অভিযন্তা(Executive engineer of Baksa Education department caught accepting bribe) ৷ শুকুৰবাৰে নিজ কাৰ্যালয়ত গোৰেশ্বৰৰ ৰামপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গৰাকীৰ পৰা নগদ ধন গ্ৰহণ কৰি থকা অৱস্থাত ধৰা পৰে কাৰ্যবাহী অভিযন্তাগৰাকী ৷

executive-engineer-of-baksa-education-department-caught-accepting-bribe
ধৰা পৰিল শিক্ষা বিভাগৰ কাৰ্যবাহী অভিযন্তা
author img

By

Published : Apr 30, 2022, 1:46 PM IST

তামুলপুৰ, 30 এপ্ৰিল : গোৰেশ্বৰত উৎকোচ গ্ৰহণ কৰা অৱস্থাত কৰায়ত্ত শিক্ষা বিভাগৰ এগৰাকী কাৰ্যবাহী অভিযন্তা(Executive engineer of Baksa Education department caught accepting bribe) ৷ শুকুৰবাৰে নিজ কাৰ্যালয়ত গোৰেশ্বৰৰ ৰামপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গৰাকীৰ পৰা নগদ ধন গ্ৰহণ কৰি থকা অৱস্থাত ধৰা পৰে কাৰ্যবাহী অভিযন্তাগৰাকী ৷

জানিব পৰা মতে, দীৰ্ঘদিন ধৰি বাক্সা জিলাৰ শিক্ষা বিভাগৰ মুখ্য অভিযন্তা মুচা হক নামৰ ব্যক্তিগৰাকীয়ে ভয়-ভাবুকিৰে বিভিন্নজনৰ পৰা উৎকোচ হিচাপে সংগ্ৰহ কৰি আহিছিল নগদ ধন ৷ ধন নিদিলে বিদ্যালয়সমূহক চৰকাৰী অনুদানৰ ব্যয়ৰ প্ৰমাণপত্ৰ নিদিয়া বুলিও অভিযোগ উত্থাপিত হৈছে ৷ যাৰবাবে বিদ্যালয়সমূহলৈ অহা প্ৰতিটো চৰকাৰী অনুদানৰ বাবদ অভিযন্তাগৰাকীক বিদ্যালয় কৰ্তৃপক্ষই দিবলগীয়া হৈছিল বৃহৎ পৰিমাণৰ ধন ৷

উৎকোচ গ্ৰহণ কৰি হাতে-লোটে ধৰা পৰিল শিক্ষা বিভাগৰ কাৰ্যবাহী অভিযন্তা

বিষয়াগৰাকীৰ এনে কৰ্মকাণ্ডত অতিষ্ঠ হৈ পৰিছিল অঞ্চলটোৰ শিক্ষকসকল ৷ যাৰবাবে পূৰ্ব পৰিকল্পনা অনুযায়ী অভিযন্তাগৰাকীক হাতে-লোটে ধৰি গোৰেশ্বৰ আৰক্ষীক গতাই দিয়ে শিক্ষকগৰাকীয়ে ৷ বিগত সময়ত গোৰেশ্বৰৰ কেইবাগৰাকীও চিআৰচিচিয়ে শিক্ষা বিভাগৰ জিলা পৰ্যায়ৰ সভাত জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ আগত এই সন্দৰ্ভত অভিযোগ উত্থাপন কৰিছিল ৷

কিন্তু তাৰপিছতো কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল বিষয়াগৰাকীৰ বিৰুদ্ধে ৷ কিন্তু উৎকোচ গ্ৰহণ কৰি কৰায়ত্ত হোৱাৰ পিছত চৰকাৰ তথা প্ৰশাসনে বিষয়াগৰাকীৰ শাস্তিৰ বাবদ কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া হৈ পৰিব লক্ষণীয় ৷ সম্প্ৰতি গোৰেশ্বৰ আৰক্ষীৰ জিম্মাতে আছে আটকাধীন কাৰ্যবাহী অভিযন্তাগৰাকী ৷

ক্ষোভ প্ৰকাশ

লগতে চাওক: Nalbari Murder Case: নলবাৰী আৰক্ষীৰ জালত দুই হত্যাকাৰী

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.