ETV Bharat / state

পাগলাদিয়া নৈৰ তীব্ৰ গৰাখহনীয়াত উচন হ’ল বহু পৰিয়াল

author img

By

Published : Aug 20, 2021, 11:47 AM IST

খহনীয়াৰ বাবে মূৰে কপালে হাত দিছে চাপাতল অঞ্চলৰ ৰাইজে । বহু পৰিয়ালৰ ঘৰ-মাটি নিশাটোৰ ভিতৰতে হয়তো জাহ যাব পগলাদিয়া নদীত । পাগলদিয়া নদীৰ গৰাখহনীয়াত ইতিমধ্যেই 20 টা পৰিয়ালৰ ভেটি-মাটি জাহ গৈছে।

many-family-houses-and-land-were-uprooted-in-the-intenseerosion-of-pagaldia-river
পাগলাদিয়া নৈৰ তীব্ৰ গৰাখহনীয়াত উচন হ’ল বহু পৰিয়ালৰ ঘৰ-মাটি

বাক্সা, 20 আগষ্ট : বাক্সা জিলাৰ তামুলপুৰৰ মাজেৰে বৈ যোৱা পাগলদিয়া নদীৰ প্ৰৱল গৰাখহনীয়াত শংকিত বৃহত্তৰ চাপাতল আৰু বৰবিলা গাঁৱৰ ৰাইজ । প্ৰতিবছৰে বাৰিষা কালত পাগলদিয়া নদীৰ গৰাখহনীয়াত বৰবিলা, চাপাতল গাঁওত শ শ লোকৰ ঘৰ-বাৰী আৰু খেতি-ম‍াটি জাহ যায় । পাগলদিয়া নদীৰ গৰাখহনীয়াত ইতিমধ্যেই 20 টাকৈ পৰিয়ালৰ ঘৰ-মাটি জাহ গৈছে ।

তামুলপুৰৰ দৃশ্য দেখিলেই পগলাদিয়াৰ গৰাখহনীয়াই চাপাতল গাঁওলৈ যে তীব্ৰ ভাবুকি আনিছে সেয়া স্পষ্ট হৈ পৰিব । বহু পৰিয়ালৰ ঘৰ-মাটি নিশাটোৰ ভিতৰতে হয়তো জাহ যাব নদীত । বৰ্তমান সময়লৈকে সাতটাতকৈও অধিক পৰিয়ালৰ ঘৰ মাটি নদীত জাহ যোৱাৰ উপক্ৰম হৈছে । ইয়াৰ বিপৰীতে বিদ্যুত পৰিবাহী খুটা নদীত বাগৰি পৰাৰ উপক্ৰম হৈছে । মুৰে কপালে হাত দিছে চাপাতল অঞ্চলৰ ৰাইজে।

বিভাগ আৰু বিভাগীয় মন্ত্ৰীক বিজ্ঞানসন্মতভাৱে নদীখনৰ গৰাখহনীয়া ৰোধ কৰি বৃহত্তৰ অঞ্চলটো নদীৰ বুকুত হেৰাই যোৱাৰ পৰা উদ্ধাৰ কৰিবলৈ অনুৰোধ জনাইছে স্থানীয় ৰাইজে ৷

ইতিমধ্যে বান আৰু গৰাখহনীয়াৰ ফলত বিভিন্ন ঠাইৰ যথেষ্ট ক্ষতিসাধন হৈছে ৷ বান বিধস্ত ধেমাজিত অৰ্ধ শতাধিক গাঁও প্লাৱিত হৈছে বানৰ দ্বাৰা ৷ জীয়াধল, বৰাজান আৰু ৰাই নদীয়ে ধেমাজি ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় ৩০ খন গাঁও বেয়াকৈ প্লাৱিত কৰাৰ পাচত বৃহস্পতিবাৰে পানীৰ পৰিমাণ হ্ৰাস হৈছে যদিও বিশেষ উন্নত হোৱা নাই বান পৰিস্থিতি ৷

চিৰাং জিলাৰ বিজনীৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰি বান পৰিস্থিতিৰ বুজ লয় চিৰাং জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, বিটিআৰৰ উপাধ্যক্ষ অবিৰাম মহানায়ক, বিটিআৰৰ মনোনীত সদস্য প্ৰদীপ বায়নসহ জলসম্পদ বিভাগৰ বিভিন্ন বিষয়া-অভিযন্তাসকলে ।

মুঠতে সমগ্ৰ ৰাজ্যখনৰে ভিন্ন প্ৰান্তত বানৰ তাণ্ডৱ দ্খা গৈছে ৷ কৰ’বাত যদি আই নৈয়ে ভয়ংকৰ ৰূপ লৈছে ,কৰবাত আকৌ পাগলাদিয়াই ধাৰণ কৰিছে কালৰূপ ৷ অসম চৰকাৰৰ নতুন মন্ত্ৰীসভাই দায়িত্ব লোৱাৰ পিছতে দুই-এজন মন্ত্ৰী যথেষ্ট সক্ৰিয় হোৱা দেখা গৈছে । বিভিন্ন জিলালৈ গৈ নিজৰ বিভাগৰ বুজ লৈছে মন্ত্ৰীসকলে । বাৰিষা অহাৰ লগে লগে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই বিভিন্ন স্থানৰ সাম্ভাব্য বান পৰিস্থিতিৰ বুজ লোৱা দেখা গৈছে ৷

ইপিনে নৈপৰীয়া ৰাইজক সাম্ভাব্য বিপদৰ পৰা ৰক্ষা কৰাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণৰ বাবে বিভাগীয় বিষয়া-কৰ্মচাৰীক নিৰ্দেশ দিয়ে মন্ত্ৰী পীযুষ হাজৰিকাই । কিন্তু ইমানবোৰ আশ্বাস দিয়াৰ পিচতো তামুলপুৰৰ পাগলদিয়া নদীৰ প্ৰৱল গৰাখহনীয়াত কোনো বিভাগীয়া কতৃপক্ষই কিয় কানসাৰ কৰা নাই সেয়া অতি মন কৰিবলগীয়া কথা ৷

লগতে পঢ়ক:আই নৈৰ বান-খহনীয়া পৰিদৰ্শন চিৰাং প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.