ETV Bharat / state

মন্ত্ৰী ভৱেশ কলিতাৰ বৰনদীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন - বৰনদীৰ গৰাখহনীয়া অঞ্চল

সাংবাদিকৰ লগত হোৱা কথা বতৰাত ৰাজ্য সভাৰ সাংসদ অজিত কুমাৰ ভূঞাই বিজেপি দলে অসমক ধ্বংসৰ মুখলৈ ঠেলি দিয়া বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰী ভৱেশ কলিতাই ৷ লগতে জুৱিন বিতৰ্ক সম্পৰ্কত জুবিন গাৰ্গ অনাগত দিনবোৰত শিল্পী হিচাপে আগুৱাই যাওক বুলিও মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷

মন্ত্ৰী ভৱেশ কলিতাৰ বৰনদীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন

author img

By

Published : Aug 11, 2020, 6:55 PM IST

বাক্সা, 11 আগষ্টঃ অসম চৰকাৰৰ জলসিঞ্চন তথা ৰাজ্যিক শিক্ষামন্ত্ৰী ভৱেশ কলিতাই মঙলবাৰে তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰিজুলীত উপস্থিত হৈ বৰনদীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে ৷ গৰাখহনীয়া পৰিদৰ্শন কৰি মন্ত্ৰী গৰাকীয়ে কয় যে, তেওঁ অচিৰেই বিভাগীয় মন্ত্ৰীৰ লগত বিষয়টো আলোচনা কৰি গৰাখহনীয়া প্ৰতিৰোধৰ বাবে যাবতীয় পদক্ষেপ গ্ৰহণ কৰাৰ ব্যৱস্থা কৰিব ৷ উল্লেখযোগ্য যে, এই গৰাখহনীয়াৰ কবলত পৰি অঞ্চলটোৰ ১৪২৫ টা পৰিয়ালৰ সা-সম্পত্তি, ভেটি-মাটি নদীৰ বুকুত বিলীন হৈছে ৷

মন্ত্ৰী ভৱেশ কলিতাৰ বৰনদীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন

গৰাখহনীয়া পৰিদৰ্শনৰ পিছতে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত মন্ত্ৰী গৰাকীয়ে কয় আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত বিজেপি দলে মেজিক নম্বৰ ২১ খন আসন লাভ কৰি বিটিচি পৰিষদ দখল কৰিব ৷

ইপিনে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই বিজেপি দলে অসমক ধ্বংসৰ মুখলৈ ঠেলি দিয়া বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰী ভৱেশ কলিতাই সেইগৰাকী সাংসদ কোন দলৰ পৰা সাংসদ হৈছে, কোন দলৰ সমৰ্থনত সাংসদ হিচাপে নিৰ্বাচিত হৈছে তাক লৈ কটাক্ষ কৰে ৷ ৰঙিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত তথা বিটিচিৰ ২৯ নং শুক্লাই চেৰফাং সমষ্টিত স্বাধীনোত্তৰ কালত কোনো মন্ত্ৰী, বিধায়ক, সাংসদকে ধৰি বৰ্তমানৰ ৰঙিয়া সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰ মন্ত্ৰী ভৱেশ কলিতাই কোনো ধৰণৰ উন্নয়ন কৰা নাই বুলি চেৰফাং সমষ্টিৰ কাৰ্যবাহী সদস্য গনেশ কছাৰীয়ে কৰা অভিযোগ খণ্ডন কৰি মন্ত্ৰী ভৱেশ কলিতাই কয় যে, গনেশ কছাৰীয়ে কৰা অভিযোগ ভিত্তিহীন ৷

শুক্লাই চেৰফাং সমষ্টিত মন্ত্ৰী গৰাকীৰ দিনত উন্নয়নৰ খতিয়ান দাঙি ধৰি কয় যে, গনেশ কছাৰীয়ে ৰাইজক আভুৱা ভাৰিছে ৷ বিগত সোঁতৰ বছৰে গণেশ কছাৰীয়ে সমষ্টিটোৰ একো উন্নয়ন নকৰিলে ৷ বিপিএফৰ বৰ্তমান কোনো মাৰ্কেট নাই ৷ অসম চৰকাৰৰ কৃষি বিভাগৰ ব্ৰেণ্ড এম্ব্ৰেচাদৰ জুবিন গাৰ্গক একাংশ ব্যক্তিয়ে কৰা সমালোচনা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে, জুবিন গাৰ্গ অনাগত দিনবোৰত শিল্পী হিচাপে আগুৱাই যাওক ৷

লগতে পঢ়কঃ সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামীৰ বিয়োগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.