বাক্সা, 25 জানুৱাৰী : দেওবাৰে সামৰণি পৰে বাক্সা জিলা এবছুৰ 16 সংখ্যক অধিৱেশন ৷ তিনিদিনীয়া কাৰ্যসূচীৰে বাক্সা জিলা বড়ো ছাত্ৰ সন্থাৰ 16 সংখ্যক অধিবেশন খন বাক্সা জিলা চিমলাৰ খামাৰদৈচা খেলপথাৰত অনুষ্টিত হয় ৷ সোমবাৰে তৃতীয় দিনৰ কাৰ্যসূচীত দিনৰ 12 বজাত মুকলি সভা উন্মোচন কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ৷
ভাষণ প্ৰসংগত বড়োৱে কয় যে বিটিআৰত সকলো জাতি-জনগোষ্ঠীয়ে একেলগে সমিলমিলেৰে কাম কৰি এখন পূৰ্ণাংগ বিটিআৰ গঠন কৰিবলৈ সংকল্প ল’ব লাগিব ৷ তেওঁ লগতে কৃষিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব বুলিও আশ্বাস প্ৰদান কৰে ৷
বৰ্তমান বহু অস্ত্ৰধাৰী সংগঠনে চৰকাৰৰ লগত আলোচনা কৰি আছে আৰু বিটিআৰ চৰকাৰে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাব যাতে এইসকল সংগঠনক পুনৰসংস্থাপনৰ বাট মুকলি কৰি দিয়ে ৷
উল্লেখ্য যে, এই সভাতে তেওঁ উন্মোচন কৰে " দেৱলী দৈছা" স্মৰণিকা ৷ সভাত উপস্থিত থাকি ভাষণ প্ৰদান কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দিপেন বড়োৱে ৷ সভাত বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়ো, এমচিএলএ ৰাকেশ ব্ৰহ্ম,এবছুৰ সাধাৰণ সম্পাদকৰোমদৌন বসুমতাৰীৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷
লগতে পঢ়ক:যোৰহাটত গঠন হ’ল ৰাইজৰ দলৰ মহিলা কোষ