গোৰেশ্বৰ, 12 এপ্ৰিলঃ কোনো ব্যয়বহুল জনসভা বা বিশাল ৰেলী নহয়, পদসভাৰে ভোটভিক্ষা এগৰাকী প্ৰাৰ্থীৰ ৷ মঙলদৈ সমষ্টিৰ এছ ইউ চি আই (কমিউনিষ্ট) প্ৰৰ্থী স্বৰ্ণলতা চলিহাই গোৰেশ্বৰ চহৰত পদসভাৰে বৃহস্পতিবাৰে ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা চলায় ৷
পদসভাত ভাষণ প্ৰদান কৰি প্ৰাৰ্থীগৰাকী কংগ্ৰেছ আৰু বিজেপিক তীব্ৰভাৱে সমালোচনা কৰে ৷ স্বাধীনতাৰ পৰৱৰ্তী অধিকাংশ কালছোৱাতে শাসনৰ গাদীত থকা কংগ্ৰেছে জনসাধাৰণৰ কল্যাণৰ বাবে একো নকৰিলে বুলি কৈ বিজেপিয়ে মিথ্যাচাৰেৰে 2014 চনত শাসনলৈ আহিছিল বুলি অভিযোগ কৰে চলিহাই ৷