বাক্সা, 27 ডিচেম্বৰ : দেওবাৰে অনুষ্ঠিত হয় ট্ৰাইবেল সংঘৰ বাক্সা জিলাৰ কাৰ্যনিৰ্বাহক সভা (District Tribal Sangha executive meeting at Baksa) । বাক্সা জিলাৰ মুছলপুৰত অনুষ্ঠিত হোৱা এই সভাত সভাপতিত্ব কৰে বাক্সা জিলা ট্ৰাইবেল সংঘৰ সভাপতি ধৈৰ্যন দেউৰী ৷
বাক্সাত অনুষ্ঠিত হোৱা এই সভাত উপস্থিত থাকি ট্ৰাইবেল সংঘৰ কেন্দ্ৰীয় সভাপতি সুকুমাৰ বসুমতাৰী (Vice President of AATS Sukumar Basumatary)য়ে দেশ বিভাজনৰ সময়তো বিশেষ ভূমিকা লোৱা এই সংঘটোৰ বহু সমস্যাৰ বিষয়ে অৱগত কৰে । লগতে আজিও বিভিন্ন সমস্যাৰে জৰ্জৰিত জনজাতীয় লোকসকলক ভূমিৰ অধিকাৰ দিয়াৰ বিষয়টো উল্লেখ কৰি জনজাতি সকলে চৰকাৰ গঠনত ভূমিকা লৈছিল বুলিও মন্তব্য কৰে সভাপতিগৰাকীয়ে ৷
আনহাতে, চৰকাৰ গঠনৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা জনজাতীয় লোকসকলে চৰকাৰী চাকৰিৰৰ ক্ষেত্ৰত জনজাতিৰ কাৰণে পাব লগা সুবিধাসমুহ পাব লাগিব বুলিও কয় সভাপতিগৰাকীয়ে ৷ লগতে সভাত উপস্থিত থাকি ট্ৰাইবেল সংঘ শক্তিশালী কৰাৰ কাৰণে যুৱ গোট গঠন কৰাৰ পৰামৰ্শ দিয়ে সভাপতি ধৈৰ্যন দেউৰীয়ে ৷
এই সভাত সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক ধীৰেন ইংতি, সদৌ অসম ট্ৰাইবেল সংঘৰ সাংগঠনিক সম্পাদক তৰণী মদাহি, সদৌ মদাহি কছাৰী জনজাতি ছাত্ৰ সন্থাৰ সভাপতি সুৰেন মদাহি, সদৌ মদাহি কছাৰী জনজাতি ছাত্ৰ সন্থাৰ উপদেষ্টা দণ্ডীৰাম মদাহি উপস্থিত থাকে ৷ ইয়াৰোপৰি বাক্সা জিলা ট্ৰাইবেল সংঘৰ সভাপতি ধৰ্জন দেউৰী, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অনিল দৈমাৰীৰ লগতে জিলাখনৰ বিভিন্ন প্ৰাথমিক সমিতিৰ নেতা কৰ্মী সকলো সভাত উপস্থিত থাকে ।
লগতে পঢ়ক : Repeal of AFSPA : নাগালেণ্ডত প্ৰত্যাহাৰ হ’ব নেকি AFSPA ?