বাক্সা, 7 জানুৱাৰী : নতুন কৃষক আইন বাতিলৰ দাবীত সমগ্ৰ দেশৰ লগতে বৃহস্পতিবাৰে বাক্সা জিলাটো ৰূপায়ণ কৰা হয় দেশজোৰা আইন অমান্য আন্দোলনৰ কাৰ্যসূচী ৷ অংগণবাদী কৰ্মী,ৰন্ধন কৰ্মী,নিৰ্মাণ শ্ৰমিক,মটৰ শ্ৰমিক ইউনিয়ন আৰু কৃষক সভাৰ বাক্সা জিলা সমিতিৰ উদ্যোগত মুছলপুৰৰ পথত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷
হাতে হাতে প্লে'কাৰ্ড লৈ কৃষক আইনৰ বাতিলৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীয়ে ৷ সামন্তৰালভাৱে কৃষক বিৰোধী কৃষি আইন বাতিল কৰক,বিজেপি চৰকাৰ হায় হায় আদি শ্ল'গানৰে প্ৰতিবাদকাৰীয়ে ৰাজপথ উত্তাল কৰি তুলে ৷
উল্লেখ্য যে,নতুন কৃষি আইনৰ বাতিৰ দাবীত প্ৰায় এমাহ ধৰি দিল্লী শিংঘু সীমান্তত দেশৰ কৃষকে অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ তদুপৰি এই কৃষক আন্দোলনত অংশ গ্ৰহণ কৰা প্ৰায় 60 জনতকৈ অধিক কৃষকৰ প্ৰতিবাদস্থলীত মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক: জামিন আবেদন নাকচ হোৱাৰ পিছতে শোকত ম্ৰিয়মান অখিলৰ মাতৃ