ETV Bharat / state

গোৰেশ্বৰৰ ভোগপুৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষক নিযুক্তিৰ দাবী এবিএমছুৰ

author img

By

Published : Aug 31, 2022, 6:27 PM IST

গোৰেশ্বৰৰ ভোগপুৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষক নিযুক্তি দিয়াৰ দাবী সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ(All BTC Minority Students Union) ৷ বিদ্যালয়খনত শিক্ষাৰ্থীৰ অনুপাতে নাই শিক্ষক ৷ শীঘ্ৰে বিদ্যালয়খনত শিক্ষক নিযুক্তি দিয়াৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ লগতে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ ৷

Demand for appointment of teachers at bhogpur in Tamulpur
গোৰেশ্বৰৰ ভোগপুৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষক নিযুক্তিৰ দাবী এবিএমছুৰ

তামুলপুৰ, 31 আগষ্ট: তামুলপুৰ জিলাৰ গোৰেশ্বৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ভোগপুৰ প্ৰাথমিক বিদ্যালয়ত(Bhogpur LP School) শিক্ষক নিযুক্তি দিয়াৰ দাবী উত্থাপন কৰি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাই(All BTC Minority Students Union) ৷ উল্লেখ্য যে, ভোগপুৰ প্ৰাথমিক বিদ্যালয়ত ৬ টা শ্ৰেণীত আছে ৮৫ গৰাকী ছাত্ৰ-ছাত্ৰী ৷ কিন্তু ছাত্ৰ-ছাত্ৰীৰ পৰিবৰ্তে বিদ্যালয়খনত শিক্ষক আছে মাত্ৰ দুজন ৷ যাৰ বাবে বিদ্যালয়খনত পাঠদান কৰাত অসুবিধাৰ সন্মুখীন হৈছে শিক্ষাগুৰুসকল ৷

শিক্ষানুষ্ঠানখনত ইতিমধ্যে দুজনীয়া শিক্ষকে পাঠদান চলাই আহিছে যদিও ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অধিক হোৱা বাবে সম্প্ৰতি এজন শিক্ষক আৰু এগৰাকী শিক্ষয়িত্ৰীৰে পাঠদান কৰা অসম্ভৱ হৈ পৰিছে । তদুপৰি মাত্ৰ দুজন শিক্ষকেৰে পাঠদান কৰাৰ বাবে বহু ছাত্ৰ-ছাত্ৰী পাঠদানৰ পৰা বঞ্চিত হ'ব লগা হৈছে ।

সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ গোৰেশ্বৰ আঞ্চলিকৰ এটা সজাতি দলে বুধবাৰে বিদ্যালয়খন পৰ্যবেক্ষণ কৰি শীঘ্ৰে বিদ্যালয়খনত শিক্ষক নিযুক্তি দিয়াৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক(Assam CM Himanta Biswa Sarma) দাবী জনায় ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষক যদুৰাম নাথেও শিক্ষকৰ অভাৱত ছাত্ৰ-ছাত্ৰীসকল গুণগত শিক্ষা লাভৰ পৰা বঞ্চিত হোৱাৰ কথা উল্লেখ কৰি শীঘ্ৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায় ৷

লগতে পঢ়ক: সোণাৰি শিক্ষাখণ্ডৰ অধীনস্থ মথুৰাপুৰ মনিয়াহোলা প্ৰাথমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.