ETV Bharat / state

শাৰীৰিক অত্যাচাৰ সহিব নোৱাৰি মহিলাৰ মৃত্যুঃ স্বামীক আটক

নিকাছিৰ লক্ষীপুৰ এ ব্লক গাঁৱৰ সন্তোষ ৰামছিয়াৰীৰ পত্নী ভানুমতী ৰামছিয়াৰীৰ বুধবাৰে মৃত্যু ঘটে ৷ মহিলাগৰাকীক স্বামীয়ে বিবাহৰ পিছৰ পৰাই শাৰিৰীকভাৱে নিৰ্যাতন চলাই আহিছিল বুলি প্ৰতিৱেশীয়ে প্ৰকাশ কৰিছে ৷

Death of a women in nikachi baksa assam etv bharat news
বোৱাৰীৰ মৃত্যু
author img

By

Published : Sep 3, 2020, 5:17 PM IST

বৰমা,3 চেপ্তেম্বৰ: বাক্সাৰ নিকাছিত কৰুণ মৃত্যুক সাৱটি লৈছে এগৰাকী বোৱাৰীয়ে ৷ ঘটনাৰ বিৱৰণী অনুসৰি, নিকাছিৰ লক্ষীপুৰ এ ব্লক গাঁৱৰ সন্তোষ ৰামছিয়াৰীৰ পত্নী ভানুমতী ৰামছিয়াৰীৰ বুধবাৰে মৃত্যু ঘটে ৷ মহিলাগৰাকীক স্বামীয়ে বিবাহৰ পিছৰ পৰাই শাৰিৰীকভাৱে নিৰ্যাতন চলাই আহিছিল বুলি প্ৰতিৱেশীয়ে প্ৰকাশ কৰিছে ৷ পূৰ্বৰ দৰে বুধবাৰেও ভানুমতীক স্বামীয়ে সামান্য কথাতে শাৰিৰীকভাৱে অত্যাচাৰ কৰে ৷ স্বামীৰ এই অত্যাচাৰ সহ্য কৰিব নোৱাৰি ঘৰৰ পৰা ওলাই গৈ পথাৰৰ কাষত শুই পৰে দুৰ্ভগীয়া মহিলাগৰাকী ৷

বোৱাৰীৰ মৃত্যু

পিছত ভানুমতীৰ পিতৃ পৰিয়ালৰ লোকে ততাতৈয়াকৈ মহিলাগৰাকীক স্থানীয় চিকিৎসালয়লৈ লৈ যায় যদিও আদবাটতে কৰুণ মৃত্যুক সাৱটি লয় ভানুমতীয়ে ৷ সম্প্ৰতি মহিলাগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ অহা নাই যদিও মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতহে সেয়া স্পষ্ট হ’ব ৷ উক্ত ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীয়ে খবৰ লাভ কৰাত ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্তৰ ভিত্তিত মহিলাগৰাকীৰ স্বামীক আটক কৰিছে ৷

লগতে চাওকঃ এগৰাকী অস্তিত্বহীন ব্যক্তি পৃথ্বীৰাজ নাৰায়ণ দেৱ: ৰঞ্জিত বসুমতাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.