দলগাঁও, ২০ অক্টোবৰঃ দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডৰ অন্তগৰ্ত দলগাঁও গাঁও পঞ্চায়তত এম জি এনৰেগা আঁচনি ৰূপায়নৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ ৷ একাংশ ক্ষুব্ধ ৰাইজে ভাঙি চুৰমাৰ কৰিলে আঁঁচনিৰ ফলক। উক্ত ঘটনাতোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷
![Dalgaon MGNREGA scheme corruption alligation](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dalgaon-20october-806-809-dalgaon-mgnrega-abdul-hakim-10064_20102020135810_2010f_1603182490_877.jpg)
অভিযোগ অনুসৰি দলগাঁওস্থিত ৰাধাগোবিন্দ আশ্ৰম সমিতিৰ লগত কোনো ধৰণৰ যোগাযোগ নকৰাকৈ পঞ্চায়তৰ সভাপতি গৰাকীয়ে এম জি এনৰেগাৰ কাম জবকাৰ্ড প্ৰাপ্ত শ্ৰমিকৰ পৰিবৰ্তে শাসনাধিষ্ঠ দলৰ দুই এজন নেতা পালিনেতাক কামৰ দায়িত্ব অৰ্পণ কৰাত ক্ষুব্ধ হৈ পৰে একাংশ যুৱক । ফলত আঁচনিৰ কাম আৰম্ভ কৰাৰ পিছদিনাই কিছু ক্ষুদ্ধ যুৱকে ৰাধা গোবিন্দ আশ্ৰমত থকা কামৰ ফলক ভাঙি চুৰমাৰ কৰে ।
লগতে পঢ়কঃ নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে নিখিল ৰাভা ছাত্ৰ সন্থাৰ জেহাদ ঘোষণা