ETV Bharat / state

কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা বাক্সাৰ খৈৰাণীৰ কাৰখেলা

বাক্সাৰ কাৰখেলাত এজন যুৱকৰ দেহত ক'ভিড-19ৰ উপস্থিতি ধৰাৰ পাচতেই জিলা প্ৰশাসনৰ তৎপৰতা । ইতিমধ্যে কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা বাক্সাৰ খৈৰাণীৰ কাৰখেলা এলেকা ।

কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা বাক্সাৰ খৈৰাণীৰ কাৰখেলাক
কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা বাক্সাৰ খৈৰাণীৰ কাৰখেলা
author img

By

Published : Jun 16, 2020, 6:23 PM IST

বাক্সা,16 জুনঃ দেশৰ লগতে ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাবলৈ লৈছে ক'ভিড-19 আক্ৰান্তৰ সংখ্যা । আনফালে বাক্সাতো প্ৰতিদিনে বৃদ্ধি পাই আছে কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা । শেহতীয়াকৈ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ খৈৰাণীৰ ভীম ঘিমিৰে নামৰ এজন যুৱকৰ দেহত ধৰা পৰিছে ক'ভিড-19 ৰ অৱস্থিতি । গুজৰাটত বায়ু সেনাত কৰ্মৰত আছিল যুৱকজন ।

কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা বাক্সাৰ খৈৰাণীৰ কাৰখেলা এলেকা

জানিব পৰা মতে,ছুটীত ঘৰলৈ অহাৰ পাচত প্ৰথমে তামুলপুৰ ছোৱালী স্কুলত কোৱাৰেণ্টাইন হোৱাৰ পাচত 7 জুনৰ পৰা হ'ম কোৱাৰেণ্টাইনত আছিল যুৱকজন ।

পিচত হ'ম কোৱাৰেণ্টাইনতে যুৱকজনৰ দেহত ধৰা পৰে ক'ভিড-19 ৰ লক্ষণ । টেষ্ট কৰাত ফলাফল পজিটিভ পোৱাত প্ৰশাসনে ততাতৈয়াকৈ কাৰখেলাৰ ভীম ঘিমিৰেৰ ঘৰলৈ যোৱা পথ সম্পূৰ্ণ ৰূপে ছীল কৰি কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰে । এই ঘটনা পোহৰলৈ অহা পাচতেই এতিয়া অঞ্চলটোৰ বাসিন্দা সকলৰ মাজত তীব্ৰ আতংকময় পৰিৱেশে বিৰাজ কৰিছে ।

লগতে চাওকঃ বকো কোৱাৰেন্টাই কেন্দ্ৰত বহিঃৰাজ্যৰ যুৱকৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.