বাক্সা, 30 মাৰ্চঃ কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব লাভ কৰাৰ পাচতেই সমষ্টিত আহি উপস্থিত হয় শব্দ ৰাম ৰাভা ৷ কংগ্ৰেছৰ হাইকামাণ্ডে শব্দ ৰাভাৰ নাম প্ৰাৰ্থিত্ব তালিকাত প্ৰকাশ কৰাৰ পাচতেই সমষ্টিটোৰ কংগ্ৰেছ দলীয় সমৰ্থকৰ মাজত উৎসাহ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷
শনিবাৰে দিনৰ ভাগত বাক্সাৰ তামুলপুৰস্থিত ৰাজীৱ ভৱনত উপস্থিত হয় শব্দ ৰাম ৰাভা ৷ ৰাজীৱ ভৱনত ফটকা ফুটাই প্ৰাৰ্থীগৰাকীক বিপুল আদৰণি জনায় দলীয় সমৰ্থকসকলে ৷
সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত প্ৰাৰ্থীগৰাকীয়ে সমষ্টিটোত আদৰ্শৰ যুঁজ হ'ব বুলি প্ৰকাশ কৰে শব্দ ৰাভাই ৷ বিজেপি-বিপিএফ-অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সৈতে মূল যুঁজখন হ'ব আৰু কংগ্ৰেছে নিজৰ আদৰ্শক আগত ৰাখি যুঁজত অৱতীৰ্ণ হ'ব ৷ বৰ্তমানৰ সাংসদ নৱ শৰণীয়ানিৰ্বাচনত কোনো ফেক্টৰ নহয়, নৱ কুমাৰ শৰণীয়াই সমষ্টিটোৰ কোনো ধৰণৰ উন্নয়নৰ কাম নকৰিলে । সাংসদ পুঁজিৰ বছৰি 5কোটি টকা আৰু পাচ বছৰৰ 25কোটি টকা ক'ত ব্যৱহাৰ কৰিলে যদি আপোনালোকে দেখুৱাই দিব পাৰে তেতিয়া হ’লে নিৰ্বাচনৰ পৰা আঁতৰি থাকিম বুলি কয় প্ৰাৰ্থীগৰাকীয়ে ৷