ETV Bharat / state

নিৰ্বাচনী সভাত গৈ তামোলপুৰক জিলা ঘোষণাৰ কথা ক’লে মুখ্যমন্ত্ৰীয়ে - cm himanta bishwa sarma

৫৮ নং তামোলপুৰ বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ ২৬ জানুৱাৰীত তামোলপুৰক এখন নতুন জিলা হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব বুলি উল্লেখ মুখ্যমন্ত্ৰীৰ ৷

cm-himanta-bishwa-sarma-is-going-to-announce-tamulpur-as-a-new-district-officially
তামোলপুৰৰ নিৰ্বাচনী সভাত গৈ মুখ্যমন্ত্ৰীয়ে জনালে তামোলপুৰক জিলা ঘোষণাৰ কথা
author img

By

Published : Oct 17, 2021, 9:55 PM IST

বাক্সা, ১৬ অক্টোবৰ : আগন্তুক ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব লগা অসমৰ পাঁচটা বিধানসভাৰ সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে দেওবাৰে ৫৮ নং তামোলপুৰ বিধান সভা সমষ্টিৰ বিজেপি, এজিপি আৰু ইউপিপিএল সমৰ্থিত ইউপিপিএল দলৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিৰ ইউপিপিএল দলৰ বিধায়ক লেহোৰাম বড়ো ক’ভিড আক্ৰান্ত হৈ মৃত্যু হৈছিল আৰু সমষ্টিৰ আসনখন খালী হৈ আছিল ৷ সেয়ে সমষ্টিটোত অনুষ্ঠিত কৰা হৈছে উপ-নিৰ্বাচন ৷

তামোলপুৰৰ নিৰ্বাচনী সভাত গৈ মুখ্যমন্ত্ৰীয়ে জনালে তামোলপুৰক জিলা ঘোষণাৰ কথা

তামুলপুৰৰ মটঙা চ’কত অনুষ্টিত হোৱা বিশাল নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰীয়ে ভাষণত কয় যে বিজেপি, এজিপি আৰু ইউপিপিএল সমৰ্থীত প্ৰাৰ্থী জলেন দৈমাৰীয়ে বিপুল ভোটৰ ব্যৱধানত জয়ী হ’ব ৷ তেওঁ লগতে কয় যে বিজেপি দলে ইউপিপিএল আৰু এজিপি দলৰ লগত মিত্ৰতা কৰি তামোলপুৰক এখন সৰ্বাংগসুন্দৰ জিলালৈ পৰিৱৰ্তন কৰিব ৷

অহা ২৬ জানুৱাৰীত তামোলপুৰক এখন নতুন জিলালৈ আনুষ্ঠানিক ভাবে ঘোষণা কৰা হ’ব ৷

নিৰ্বাচনত ৰাইজক কথা দিয়া মতে তামোলপুৰত মেডিকেল কলেজ, পাগলদিয়া নৈৰ ওপৰত এখন দলং নিৰ্মাণ কৰি থকা হৈছে বুলিও ভাষণত কয় ৷ উল্লেখ্য যে, বৰমা আৰু তামোলপুৰ সমষ্টিৰ সীমান্ত জাৰতালুকত পাগলদিয়া নৈৰ ওপৰত প্ৰায় ৩০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মীয়মান অৱস্থাত থকা দলঙৰ নিৰ্মাণ কাৰ্যৰ বুজ ল’বলৈ উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷

শীঘ্ৰেই ধমধমা-তামোলপুৰ পথ আৰু দলঙৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ পথত বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ ৷ তেওঁ জানিবলৈ দিয়ে যে অহা ডিচেম্বৰৰ ভিতৰত বহু প্ৰতিক্ষিত দলংখন ৰাইজৰ মাজত উলিয়াই দিব ৷ উল্লেখ্য যে যোৱা ২৯ জানুৱাৰী ২০২১ চনত ড° হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাবে দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল ৷ মন কৰিব লগীয়া যে, তামুলপুৰ সমষ্টিত মুঠ ৬ জন প্ৰাৰ্থীয়ে প্ৰতিদন্দিতাত নামিছে ৷

লগতে পঢ়ক : কাতি বিহুৰ পালনৰ বাবে সাজু হৈছে মাজুলীৰ সত্ৰ সমূহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.