ETV Bharat / state

ৰাইজৰ গাঠিৰ ধনেৰে পুঠিমাৰী নৈক বাধা দিয়াৰ চেষ্টা গোৰেশ্বৰত - পুঠিমাৰী নৈ

বিগত বছৰ বছৰ ধৰি বাৰিষাৰ বানে ভেটি মাটি উচন কৰিলে কেবাটাও পৰিয়ালৰ । পুঠিমাৰী নৈয়ে প্ৰত্যেক বছৰে সলনি কৰি আহিছে ইয়াৰ গতিপথ ৷ যাৰবাবে প্ৰত্যেৰ বছৰে পুঠিমাৰি নৈৰ বুকুত জাহ গৈছে শ শ বিঘা খেতি মাটি ৷

ৰাইজৰ গাঠিৰ ধনেৰে পুঠিমাৰী নৈক বাধা দিয়াৰ চেষ্টা গোৰেশ্বৰত

author img

By

Published : Jul 10, 2020, 12:41 PM IST

বাক্সা, 10 জুলাইঃ ৰাইজে নখ জোকাৰিলে নৈ বৈয় এই কথাষাৰ প্ৰতিপন্ন কৰি দেখুৱালে গোৰেশ্বৰৰ নিছকুচুলাবাসীয়ে । চৰকাৰলৈ বাট নাচায় ৰাইজ ওলাই আহিল,গাঠিৰ ধনেৰে সোঁত সলনি কৰিলে একাংশ লোকে ৷ এইসকল ৰাইজৰ দুখ দুৰ্দশাৰ খবৰ ল'বলৈ আহৰি নাই চৰকাৰখনৰ ৷ আজিও চৰকাৰলৈ আশাবাদী দুৰ্ভগীয়া নৈ পৰীয়া ৰাইজ।

ৰাইজে গাঠিৰ ধনেৰে পুঠিমাৰী নৈৰ সোঁত সলনি কৰিলে ক'ত ?

এই ঘটনা সংঘটিত হৈছে গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পুঠিমাৰী নৈত । বিগত বছৰ বছৰ ধৰি বাৰিষাৰ বানে ভেটি মাটি উচন কৰিলে কেবাটাও পৰিয়ালৰ । পুঠিমাৰী নৈয়ে প্ৰত্যেক বছৰে সলনি কৰি আহিছে ইয়াৰ গতিপথ ৷ যাৰবাবে প্ৰত্যেৰ বছৰে পুঠিমাৰি নৈৰ বুকুত জাহ গৈছে শ শ বিঘা খেতি মাটি ৷ বহুবাৰ চৰকাৰক আবেদন জনোৱাৰ পিচতে পুঠিমাৰী নৈৰ দিশ সলনি কৰি অঞ্চলটোৰ ৰাইজক ৰক্ষা কৰিবলৈ আগবাঢ়ি নাহিল কোনো ৷

বছৰি হাজাৰ হাজাৰ বিঘা কৃষি ভূমি হেৰুৱাই সৰ্বস্বান্ত হোৱা বাক্সাৰ গোৰেশ্বৰৰ নিছকুচুলাত ৰাইজে নিজে নিজৰ মাটি সম্পত্তি ৰক্ষাৰ অৰ্থে উলাই আহে শুকুৰবাৰে ৷ ৰাইজে কৰিছে জলসম্পদ বিভাগৰ হৈ নিজে লাগি ভাগি গাঠিৰ ধন ব্যয় কৰি শুকুৰবাৰে পুঠিমাৰী নৈৰ পাৰত জেচিবিৰে খনন চলাই নৈ খনৰ দিশ সলনি কৰাৰ বাবে চেষ্টা চলাই ৷ অঞ্চলটোৰ ৰাইজ লগ হৈ নিজেই খনন কাৰ্য চলাই ফেনে ফুটুকাৰে বাঢ়ি অহা নৈখনৰ দিশ সলনি কৰি সম্পত্তি ৰক্ষাৰ বাবে অন্তিমটো চেষ্টা চলাই ৷ ইয়াৰ পূৰ্বে বহুবাৰ আবেদন নিবেদন কৰিছিল যদিও চৰকাৰে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে অঞ্চলটোৰ ৰাইজে ৷

CHIRANG ublic Divided River NEWS ETV BHARAT ASSAM
পুঠিমাৰী নৈৰ খহনীয়া অব্যাহত

উল্লেখ যে বিগত বছৰত বিটিচিৰ প্ৰাক্তন ইএম গনেশ কছাৰীয়ে ৰাইজক সহায় কৰিছিল যদিও ৰাজ্যপাল শাসন আৰু নিৰ্বাচনী বিধি চলি থকাৰ বাবে কোনোধৰণৰ সহায় কৰিব পৰা নাই বুলি উল্লেখ কৰে ৷ আনহাতে স্থানীয় বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতাৰ আশ্বাসত দিন অতিবাহিত কৰিছে নৈপৰীয়া ৰাইজসকলে ।

লগতে চাওকঃ কিয় আৰু কেনেকৈ গ্ৰেপ্তাৰ হ’ল খলনায়ক বিকাশ ডুবে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.