ETV Bharat / state

ডিচেম্বৰৰ পূৰ্বে মন্ত্রী নহ’লে বিশ্বজিৎ দৈমাৰী ডাষ্টবিনত পৰি থাকিব লাগিব : চন্দন ব্ৰহ্ম - বিপিএফ

বাক্সাৰ খাৰিজা বিজনীত বিপিএফ দলৰ বিশাল মহিলা সমাৰোহত উপস্থিত হৈ বিশ্বজিৎ দৈমাৰীক লৈ মন্তব্য আগবঢ়ায় মন্ত্ৰী চন্দন ব্ৰহ্মই ৷ লগতে বিপিএফ অহাৰ লগে লগে নামনি অসমৰ উন্নয়ন হোৱা বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷

chandan brahma comment
মন্ত্ৰী চন্দন ব্ৰহ্মৰ মন্তব্য
author img

By

Published : Nov 12, 2020, 9:42 PM IST

বৰমা,11 নৱেম্বৰ : ‘‘বিশ্বজিৎ দৈমাৰীয়ে দলত্যাগ কৰা কথাটো আজিৰ কথা নহয়,তেওঁ বহু দিনৰ পৰাই বিজেপি দলত যোগদান কৰা হ’ব বুলি আমি শুনি আহিছো’’ ৷ বৃহস্পতিবাৰে 20 নং মঠনগুৰি পৰিষদীয় সমষ্টিৰ খাৰিজা বিজনীত বিপিএফ দলৰ এখন নিৰ্বাচনী ভাষণত এইদৰে মন্তব্য কৰে মন্ত্ৰী চন্দ ব্ৰহ্মই ৷ লগতে তেওঁ বিজেপি দলত কি আশা লৈ যাব ওলাইছে সেয়া অৱগত নহয় বুলি উল্লেখ কৰে ৷

মন্ত্ৰী চন্দন ব্ৰহ্মৰ মন্তব্য

ভাষণত তেওঁ কয় যে,‘‘ড৹ হিমন্ত বিশ্ব শৰ্মাই কি প্ৰতিশ্ৰুতি,কি আশা,জল্পনা-কল্পনা কৰিছে জনা নাই যদিও ডিচেম্বৰৰ পূৰ্বেই মন্ত্রী হ’ব লাগিব নহ’লে বিশ্বজিৎ দৈমাৰী ডাষ্টবিনত পৰি থাকিব লাগিব ৷ এই নিৰ্বাচনত যদি বিশ্বজিৎ দৈমাৰীয়ে মন্ত্ৰী হ’ব নোৱাৰে,তেনেহ’লে জীৱনত মন্ত্ৰী হ’ব নোৱাৰে’’।

আনহাতে যদি এই সমষ্টিটোৰ উন্নতি লাগে তেন্তে বিপিএফ দলৰ প্ৰাৰ্থী বেগম আখতাৰা আহমেদক জয়ী কৰক বুলিও মন্তব্য কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই । বিপিএফ অহাৰ লগে লগে নামনি অসমৰ উন্নয়ন হৈছে ৷ ইতিমধ্যে বৰপেটা মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ আদি স্থাপন হোৱাৰ কথা উল্লেখ কৰা মন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক : ব্যস্ততা বাঢ়িছে মুকালমুৱাৰ মৃৎ শিল্পীসকলৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.