বৰমা, 15 মাৰ্চ : বৰমাত গণ সুৰক্ষা পাৰ্টীৰ সভাপতি তথা সাংসদ নৱ কুমাৰ শৰণীয়াই দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিলে ৷ ঘোষণা অনুসৰি 2 নং গুমা সমষ্টিত মফিদুল ইছলাম, 5 নং চৰাইবিলত দিলীপ ৰাভা, 7 নং ফকিৰাগ্ৰামত আব্দুল বাদশ্বাহ, 9 নং বনৰগাঁৱত কাঞ্চনী কোচ, 12 নং চালাকাটিত সঞ্জয় শৰণীয়া, 19 নং থুৰীবাৰীত ঈনামুল হ'ক মামুদ, 20 নং মথনগুৰীত ইব্ৰাহিম আলী, 23 নং দিহিৰাত ঘনশ্যাম দাস, 27 নং নাগ্ৰীজুলিত ডেনিয়েল মাৰ্ডী, 35 নং মুদৈবাৰীত নৰেন ডেকা, 38 নং ভৈৰৱকুণ্ডত ধনজিৎ মেধি, 39 নং পাচনৈ ছেৰফাঙত ৰবীন্দ্ৰ মুৰ্মু, 31 নং খৈৰাবাৰীত অৰুণ বড়ো আৰু 22 নং ককলাবাৰীত মৃদুল দাসে প্ৰতিদ্বন্দিতা আগবঢ়াব ৷
আনহাতে, বাকী থকা প্ৰাৰ্থীৰ নাম 16 মাৰ্চত প্ৰকাশ কৰিব বুলি জানিবলৈ দিয়ে নৱ কুমাৰ শৰণীয়াই ৷
আৰু পঢ়ক : দিনটোৰ শীৰ্ষ 10 টা খবৰ