ETV Bharat / state

ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্য়াহত প্ৰতিবাদৰ জোৱাৰ

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৰাজ্যৰ ভিন্ন প্ৰান্তত আজিও উত্তাল প্ৰতিবাদ ৷ কামৰূপ, বঙাইগাঁও, যোৰহাট, মৰাণ তথা বাক্সাতো তীব্ৰ প্ৰতিবাদ অব্যাহত ৷

CAA protest continuing in Assam
ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্য়াহত প্ৰতিবাদৰ জোৱাৰ
author img

By

Published : Jan 9, 2020, 6:08 AM IST

ৰঙিয়া, 8 জানুৱাৰীঃ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত সংশোধিত নাগৰিকত্ব আইন বিৰোধী প্ৰতিবাদ ৷ বুধবাৰে ৰঙিয়াত সদৌ অসম ছাত্ৰ সন্থা তথা 30 টা জাতীয় দল-সংগঠনৰ আহ্বানত নাগৰিকত্ব সংশোধিত আইন বাতিলৰ দাবীত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে গায়ক বাবু বৰুৱাৰ লগতে বিভিন্নজনে ৷ ৰঙিয়াৰ ঐতিহাসিক কৃষক ভৱনৰ বাকৰিত ঢোল-খোল, তাল-নাগাৰাৰ শব্দত এই আইনৰ বিৰুদ্ধে ৰজনজনাই উঠে ৰঙিয়াৰ আকাশ-বতাহ। ইয়াৰোপৰি বিভিন্ন নাম-প্ৰসংগেৰে চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

যোৰহাটঃ ৰাজ্যৰ অইন প্ৰান্তৰ সমান্তৰালকৈ যোৰহাটতো উত্তাল প্ৰতিবাদ অব্যাহত ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত যোৰহাটত বাহিৰ কৰা হয় জোঁৰ সমদল ৷ যুৱ ছাত্ৰ পৰিষদৰ শতাধিক কৰ্মীৰ লগতে সচেতন নাগৰিক আৰু সদৌ অসম ছাত্র সন্থাইৱো অংশগ্ৰহণ কৰে এই জোঁৰ সমদলত। জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পৰা আৰম্ভ হোৱা জোঁৰ সমদল চহৰখনৰ মাজৰে গৈ পৰিৱেশ উত্তাল কৰি তোলে। আনহাতে সময় থাকোতেই নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক অন্যথা ৰাজ্যৰ যিকোনো পৰিস্থিতিৰ উদ্ভৱ হলে দায়ী হ’ব কেৱল চৰকাৰ এই হুংকাৰ যুৱ ছাত্ৰ পৰিষদৰ।

ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্য়াহত প্ৰতিবাদৰ জোৱাৰ

মৰাণঃ মৰাণতো নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত অনুষ্ঠিত হয় প্ৰতিবাদী গণ সমাৱেশ ৷ মৰাণৰ সমীপৰ তিলৈজান চাহ বাগিছাত অনুষ্ঠিত হয় এই প্ৰতিবাদী সমাৱেশ ৷ বৃহত্তৰ তিলৈজান অঞ্চলৰ ৰাইজে বাগিছাখনৰ ৰাজহুৱা খেলপথাৰত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংবাদিক যদুনাথ পুৰীয়ে ৷ তেওঁ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ জনজাগৰণ দেখি শংকিত হৈ চৰকাৰে ৰাইজৰ গণতান্ত্ৰিক আন্দোলনক বিপথে পৰিচালিত কৰাৰ ষড়যন্ত্ৰ চলাইছে বুলি উল্লেখ কৰি জাতিৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত ৰজাঘৰৰ দমন, প্ৰলোভন আৰু বিভাজন নীতিত ভোল নাযাবলৈ ৰাইজক আহ্বান জনায় ৷ আনহাতে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি ক্ষীৰোদ শইকীয়াই সৰ্বা-হিমন্তই অসমখনক দিল্লীৰ ওচৰত বন্ধকত থৈ নিজৰ গাদী ৰক্ষাৰ অপচেষ্টা চলাইছে বুলি কৈ বিজেপিক ২੦২১ চনত অসমৰ মাটিৰ পৰা নিঃচ্ছিন্ন কৰাৰ সংকল্প ল’বলৈ ৰাইজক আহ্বান জনায় ৷

কেইবাশতাধিক ৰাইজে অংশগ্ৰহণ কৰা প্ৰতিবাদী সভাখনত মৰাণ শাখা অসম চাহ মজদুৰ সংঘৰ সম্পাদক লক্ষেশ্বৰ তাঁতী, মৰাণ শাখা অসম চাহ কৰ্মচাৰী সন্থাৰ সম্পাদক মোহিনী মোহন লিগিৰা, আছাৰ কেন্দ্ৰীয় সম্পাদক দেবেন ওৰাং, আটছাৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি লাজাৰ নন্দ, আহোম জাতীয় গণ মঞ্চৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক অকণ ভূঞা, আটাছুৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি নিপন ফুকন, সমাজকৰ্মী মনোৰঞ্জন শৰ্মা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী জ্ঞানশ্ৰী বৰা, আইনৰ ছাত্ৰী বাৰ্বী ৰাজখোৱাকে আদি কেইবাগৰাকীও বক্তাই সংশোধিত নাগৰিকত্ব আইন বাতিল নোহোৱা পৰ্যন্ত সংগ্ৰাম অব্যাহত ৰখাৰ সংকল্প ল’বলৈ ৰাইজক আহ্বান জনায় ৷

বঙাইগাঁওঃ সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে বঙাইগাঁৱত কংগ্ৰেছৰ জোঁৰ সমদল ৷ এই জোঁৰ সমদলত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাসহ কেইবাজনো নেতা ৷ জিলা কংগ্ৰেছ কাৰ্যালয় ৰাজীৱ ভৱনৰ পৰা বঙাইগাঁও চহৰৰ মাজেৰে বাহিৰ কৰা হয় এই জোঁৰ সমদল ৷ এই সমদলত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰি চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গান দি উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ ।

তামুলপুৰঃ বাক্সাৰ গোৰেশ্বৰতো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গণ হুংকাৰ ৷ গোৰেশ্বৰ আঞ্চলিক ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে কেইবাটাও জনগোষ্ঠীয় সংগঠনৰ আহ্বানত গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰা হয় ৰাইজৰ গণ হুংকাৰ কাৰ্যসূচী ৷ আটাইকেইটা সংগঠনৰ কেন্দ্ৰীয় নেতৃত্বই অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত সমবেত হয় প্ৰায় দহ সহস্ৰাধিক জনগণ। এই গণ হুংকাৰ কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক পূৰ্ণ ডেকাই ভাষণত কয় যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ’ল ৰাৱন আৰু অসমীয়া জাতি হ’ল ৰাম আৰু আমি ৰাৱন বধিমেই । আনহাতে ভাষণত তেখেতে বিজেপি দল আৰু বিপিএফৰ ৰাজ্য সভাৰ সাংসদ বিশ্বজিত দৈমাৰীক তীব্ৰ সমালোচনা কৰে। আনহাতে সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ সভাপতি বিৰাজ তালুকদাৰে কয় যে বিদেশী নাগৰিকক বহিষ্কাৰ কৰাৰ দায়িত্ব চৰকাৰৰ । কিন্তু আমাৰ চৰকাৰে বিদেশীক বৰ পীৰা হে পাৰি দিয়াৰ প্ৰস্তুতি চলাইছে ৷ চৰকাৰৰ এনে কামক আমি প্ৰতিৰোধ কৰিমেই বুলি উল্লেখ কৰে। এই সভাত কোকোৰাঝাৰ লোকসভাৰ সাংসদ হিৰা শৰণীয়া তথা সাংস্কৃতিক কৰ্মী অজয় ফুকনো উপস্থিত থাকে ৷

আৰু পঢ়কঃহোজাইত শ্ৰমিক সন্থাৰ ৰেল অৱৰোধ কৰি প্ৰতিবাদ

Intro:ৰঙিয়াৰ কা বিৰোধী প্ৰতিবাদত জনপ্ৰিয় গায়ক বাবুৰ বিতৰ্কিত মন্তব্যBody:কা বিৰোধি মঞ্চৰ পৰা গায়ক বাবুৰ বিতৰ্কিত মন্তব্য। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু ড০ হিমন্ত বিশ্ব শৰ্মাক কলে প্ৰধানমন্ত্ৰী মোদী আৰু বাংলাদেশী মাতৃৰ অবৈধ সন্তান। CAA ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহি আজি ৰঙিয়াৰ ৰাইজমেল কৃষক শ্বহীদ ভৱনৰ বাকৰিত তেওঁ এনেদৰে মন্তব্য কৰে। 'কা'ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আজি সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত নাগৰিকত্ব (সংশোধনী) আইন বাতিলৰ দাবীত 'ৰণশিঙা' বজোৱা হয়। CAA বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰি জনপ্ৰিয় কণ্ঠশিল্পী বাবু বৰুৱাই গান গাই প্ৰতিবাদ সাব্যস্ত কৰে। ৰঙিয়াৰ ঐতিহাসিক কৃষক ভৱনৰ বাকৰিত ঢোল-খোল , তাল-নাগাৰাৰ শব্দত কাৰ বিৰুদ্ধে ৰজনজনাই উঠিল ৰঙিয়াৰ আকাশ-বতাহ। কাৰ বিৰুদ্ধে আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে শিল্পী সমাজ, আবাল-বৃদ্ধ বনিতাৰ পৰা ডেকা-গাভৰু লৈকে। অসমীয়া ডেকাই ঢোলৰ ছেওত মনৰ দুখ ব‍্যক্ত কৰাৰ লগতে আই মাতৃ সকলেও আহি নাম-প্ৰসঙ্গ কৰি বিৰোধিতা কৰিলে বহু বিতৰ্কিত আইন খনৰ । বৃটিছৰ অন্যায়ৰ বিৰুদ্ধে যুদ্ধ দিয়া ঐতিহাসিক ৰঙিয়া ৰাইজমেল কৃষক শ্বহীদ ভৱনৰ বাকৰিৰ পৰাই সমস্বৰে সকীয়নি দিলে বিজেপি চৰকাৰক । কা জাপি দিলে বিজেপিয়ে ভাবিব নোৱাৰা ক্ষতিৰ সন্মুখীন হব লাগিব বুলি সকীয়াই দিয়ে ।

BITE : (1) বাবু বৰুৱা (2) ছাত্র নেতাConclusion:বন্দনা শৰ্মা, ৰঙিয়া
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.