ETV Bharat / state

2024 ৰ লোকসভা নিৰ্বাচনত কোকৰাঝাৰত নিজাববীয়া প্ৰাৰ্থী দিব ইউপিপিএলে - বড়োলেণ্ড চুপাৰ 50 মিছন

মঙলবাৰে মুছলপুৰত বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মৰ সংবাদমেল (Rakesh Brahma's press conference in Muslimpur) ৷ 2024 ৰ লোকসভা নিৰ্বাচন(Lok Sabha election 2024)ত এইবাৰ কোকৰাঝাৰত ইউপিপিএলে দিব নিজাববীয়া প্ৰাৰ্থী ৷

2024 ৰ লোকসভা নিৰ্বাচনত কোকৰাঝাৰত ইউপিপিএলে দিব নিজাববীয়া প্ৰাৰ্থী : ৰাকেশ ব্ৰহ্ম

author img

By

Published : Apr 13, 2022, 4:29 PM IST

বাক্সা, 12 এপ্ৰিল : বিপিএফ দলৰ এজন বিধায়কে ৰাজ্যৰ কেবিনেটত মন্ত্ৰীত্ব পাব বুলি বিভিন্ন সংবাদ মাধ্যমত চৰ্চা চলি থকাৰ সময়তে মঙলবাৰে এক বিস্ফোৰক মন্তব্য আগবঢ়াইছে ইউপিপিএল দলৰ অন্যতম মুখপাত্ৰ তথা বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই ৷ মঙলবাৰে বাক্সা জিলাৰ মুছলপুৰত এক সংবাদমেলযোগে বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই কয় যে, বিপিএফৰ এনে ভাল দিন অহা নাই যে তেওঁলোকক মন্ত্ৰীসভাত স্থান দিব ৷

কাৰণ বিপিএফৰ যোৱা 17 বছৰীয়া কাৰ্যকালৰ সময়ত হোৱা দুৰ্নীতিৰ সমান্তৰালভাৱে যি অস্ত্ৰৰ জনজননি কৰি থৈ গৈছে, তাৰ ওপৰত আজিও বহু গোচৰ চলি আছে ৷ তদন্তকাৰী সংস্থা নিয়া(NIA) আৰু চিবিআই(CBI)ৰ তদন্ত বৰ্তমানো চলি আছে ৷ এই নিয়াৰ তদন্তত বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ লগতে বিপিএফৰ বহুতো নেতা-পালিনেতা জেললৈ যাব ৷

গতিকে তেনেস্থলত মন্ত্ৰী সভাত স্থান পোৱা দূৰৈৰ কথা, তেওঁলোকে সেই আশা বাদ দি জেলত যোৱাৰ বাবে গাৰু, আঠুঁৱা-কম্বল আদি যোগাৰ কৰি লোৱাই ভাল বুলি কটাক্ষ কৰে ব্ৰহ্মই ৷ আনহাতে, সদ্য সমাপ্ত ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপি, অগপ আৰু ইউপিপিএল মিত্ৰজোঁটৰ প্ৰাৰ্থীক বিপিএফৰ তিনিজন বিধায়কে ভোট প্ৰদান কৰা বুলি কোৱা কথাষাৰো নস্যাৎ কৰে ৰাকেশ ব্ৰহ্মই ৷

লগতে পঢ়ক : খানাপাৰাৰ পৰা গুৱাহাটী বিমান বন্দৰলৈকে নিৰ্মাণ হ’ব ৰোপৱে’

তেওঁ কয় যে, গণতান্ত্ৰিক দেশত ভোটদান কৰাটো কোনো ডাঙৰ কথা নহয় ৷ কিন্তু বিপিএফৰ তিনিজন বিধায়কে মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোটদান কৰাতো মিছা কথা, ৰাজ্যসভাত ইউপিপিএলৰ প্ৰাৰ্থীগৰাকী বিপিএফৰ ভোটেৰে বিজয়ী হোৱা নাই বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ইউপিপিএল দলৰ মুখপাত্ৰ গৰাকীয়ে ৷

লগতে আগন্তুক লোকসভা নিৰ্বাচন(Lok Sabha election 2024)ত বিজেপিয়ে 5 নং কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি ওলোৱা প্ৰসংগতো ব্ৰহ্মই কয় যে, গণতান্ত্ৰিক দেশত নিৰ্বাচন খেলাৰ সকলোৰে অধিকাৰ আছে ৷ তাত আমাৰ ক'বলগীয়া নাই ৷ কিন্তু কোকৰাঝাৰ লোকসভা সমষ্টিত ইউপিপিএল দলে নিজাববীয়াকৈ প্ৰাৰ্থীত্ব প্ৰদান কৰিব আৰু জয়ী হোৱাতো এশ শতাংশই নিশ্চিত ৷

2024 ৰ লোকসভা নিৰ্বাচনত কোকৰাঝাৰত ইউপিপিএলে দিব নিজাববীয়া প্ৰাৰ্থী : ৰাকেশ ব্ৰহ্ম

ইফালে বিপিএফৰ বিধায়ক দুৰ্গাদাস বড়োকো তীব্ৰ ভাষাৰে সমালোচনা কৰে বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই ৷ দুৰ্গা দাস বড়োৰ ভাষ্যৰ কোনো ভিত্তি নাই বুলি উল্লেখ কৰি কয় যে, বড়ো এগৰাকী ভেঁটি নোহোৱা ডলাৰ বগৰী ৷ তেনে এজন ব্যক্তিৰ আজি কোনো ভিত্তি নাই বা ব’ঠা নোহোৱা নাৱৰ নিচিনা বুলি কটাক্ষ কৰে ৰাকেশ ব্ৰহ্মই ৷

আনহাতে, এই সংবাদমেলতে ৰাকেশ ব্ৰহ্মই বিটিচি চৰকাৰে বাজেটত 2022-23 বিত্তীয় বৰ্ষৰ বাবে শিক্ষা শিতানত 127 কোটি টকাৰে ‘‘বড়োলেণ্ড চুপাৰ 50 মিছন’’ (Boroland Super 50 Mission) নামে এক নতুন আঁচনি মুকলি কৰাৰ কথা উল্লেখ কৰে ৷ যি আঁচনিৰ জৰিয়তে বিটিচি চৰকাৰে বিটিআৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলক এপিএছচি, ইউপিএছচি আদিৰ দৰে প্ৰতিযোগিতমূলক পৰীক্ষাৰ বাবে কোচিং তথা উচ্চ শিক্ষা লাভৰ বাবে বিটিআৰৰ পাঁচখন জিলাৰ পৰা প্ৰতিবছৰে দেশৰ লগতে বিদেশলৈ প্ৰেৰণ কৰা হ'ব বুলি মন্তব্য কৰে ।

লগতে পঢ়ক : জালিয়ানৱালাবাগ কাণ্ডৰ ভুক্তভোগীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

বিটিআৰ অঞ্চলৰ শিক্ষা ব্যৱস্থা অধিক উন্নত কৰাৰ বাবে বিদ্যালয়সমূহৰো আন্তঃগাঁথনি উন্নয়নৰ ব্যৱস্থা হাতত লোৱা বুলি উল্লেখ কৰি ব্ৰহ্মই বিটিচিৰ প্ৰতিটো পৰিষদীয় সমষ্টিৰ বিপৰীতে দুশ গৰাকীকৈ মুঠ আঠ হাজাৰ শিক্ষাৰ্থীক প্ৰতিবছৰে পাঁচ হাজাৰ টকাকৈ জলপানি প্ৰদান কৰাৰ কথা ব্যক্ত কৰে ।

সেইদৰে নতুন বিত্তীয় বৰ্ষৰ বাজেটত লোক নিৰ্মাণ বিভাগৰ দ্বাৰা বিটিআৰ অঞ্চলত নতুনকৈ আৰু এক হাজাৰ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হ'ব বুলি কৈ তাৰ বাবে ইতিমধ্যে বিটিচি চৰকাৰে অসম চৰকাৰৰ সৈতে মিলি ব্যয় নিৰ্ধাৰণ কৰা হৈছে বুলিও জনায় ৷ স্বাস্থ্য বিভাগতো নতুনত্ব অনাৰ প্ৰয়াসেৰে বিটিআৰৰ প্ৰতিটো ব্লকতে একোটাকৈ ‘‘হেল্থ এটিএম মুকলি’’ কৰাৰ কথা ব্যক্ত কৰে মঙলবাৰৰ সংবাদমেলত ৷

য'ত ৰোগী গৰাকীয়ে তেজৰ জৰিয়তে লগে লগে নিজৰ ৰোগ তথা স্বাস্থ্যৰ বিৱৰণ পাব পাৰিব ৷ বিটিআৰৰ প্ৰতিটো উপ-স্বাস্থ্যকেন্দ্ৰতে একোখনকৈ এম্বুলেঞ্চ ৰ ব্যৱস্থা কৰা হৈছে বুলিও কয় ব্ৰহ্মই ৷ সমাজ কল্যাণ বিভাগৰ জৰিয়তে বিটিআৰৰ 1000 গৰাকী বিশেষভাৱে সক্ষম লোকক চাইকেল প্ৰদান কৰা হ'ব বুলি মন্তব্য কৰে ৷

বিটিচিৰ প্ৰতিটো সমষ্টিতে পাৰিষদ সকলৰ জৰিয়তে সমাজৰ একেবাৰে দৰিদ্ৰ শ্ৰেণীৰ দুশ গৰাকীকৈ লোকক চিনাক্ত কৰি আৰ্থিক সাহাৰ্য প্ৰদানৰ কথাও সংবাদমেলত ব্যক্ত কৰে ৷ বিটিআৰৰ 500 টা শ্বহীদ পৰিয়ালক এইবাৰৰ বাজেটত 5 লাখ টকাকৈ অনুদান দিয়াৰ বাবে ধন ধাৰ্য কৰা হৈছে বুলিও ৰাকেশ ব্ৰহ্মই সংবাদমেলত উল্লেখ কৰে ৷

লগতে পঢ়ক : Madhavpur Mela 2022 : শ্ৰীকৃষ্ণ ৰুক্মিণীৰ বিবাহথলীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.