বাক্সা, ২৮ মাৰ্চ: অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান শনিবাৰে সমাপ্ত পৰে । এতিয়া দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত হ'বলগীয়া ভোটদানৰ বাবে বাকী সমষ্টিসমূহত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে প্ৰাৰ্থীসকলে । তৃতীয় পৰ্যায়ত হ'বলগীয়া বাক্সা জিলাৰ চাপাগুৰী সমষ্টিতো নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে । ৬৩ নং চাপাগুৰী সমষ্টিত বিপিএফ দলৰ প্ৰাৰ্থী হিতেশ বসুমতাৰীৰ সমৰ্থনত এক বৃহৎ সমদল উলিওৱা হয় । মুছলপুৰত আয়োজিত সমদলত মহাজোঁটৰ প্ৰাৰ্থী হিতেশ বসুমতাৰীৰ লগতে বিপিএফ দলৰ কেইবাগৰাকী শীৰ্ষ নেতাই অংশগ্ৰহণ কৰে ।
এই সমদলতে হিতেশ বসুমতাৰীয়ে সমালোচনা কৰে ইউপিপিএল দলৰ লগতে প্ৰাৰ্থী ইউজি ব্ৰহ্মক । তেওঁৰ মতে বিটিচিত কেৱল বিপিএফ দলেহে উন্নয়ন কৰিব পাৰিব । সমষ্টিটোত ইউপিপিএল প্ৰাৰ্থী ইউজি ব্ৰহ্মৰ কোনো আধিপত্য নাই বুলিও তেওঁ অভিযোগ কৰে লগতে হিতেশ বসুমতাৰী ১০০ শতাংশই নিশ্চিত যে সমষ্টিটোত বিপিএফ দলেই জয়ী হ'ব । তেওঁৰ মতে কংগ্ৰেছ, এআইইউডিএফ, চিপিআই, চিপিআই (এম এল), চিপিআই(এম), বিপিএফ আদি দল ঐক্যবদ্ধ হোৱাৰ বাবে এইবাৰৰ নিৰ্বাচনত সফল হ'ব ।
সমষ্টিটোৰ সকলো ধৰ্মাৱলম্বী লোকে নিজক ৰক্ষা কৰাৰ স্বাৰ্থত একত্ৰিত হৈ বিপিএফক ভোট প্ৰদান কৰিবলৈ আহ্বান জনায় বসুমতাৰীয়ে ৷ হিতেশ বসুমতাৰীৰ অভিযোগ প্ৰমোদ বড়ো চৰকাৰ বিজেপিৰ দ্বাৰা পৰিচালিত । ইফালে ইউপিপিএল দলৰ প্ৰাৰ্থী ইউজি ব্ৰহ্ম সমষ্টিটোৰ স্থানীয় লোক নোহোৱাৰ বাবে ৰাইজৰ মাজত বিভিন্ন ধৰণৰ চৰ্চা চলিছে যাৰ বাবে বিপিএফ দলৰ প্ৰাৰ্থীগৰাকীৰ জয়ী হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।
লগতে পঢ়ক:সৰ্থেবাৰীত বিনামূলীয়া ৰক্ত পৰীক্ষণ আৰু ৰক্তদান শিবিৰ