ETV Bharat / state

বাক্সাৰ কুমাৰীকাটাত মিত্ৰজোঁটৰ বিশাল ৰাজুহুৱা সভা - himanta biswa sarmah

প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অন্তত এতিয়া তুংগত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ৷ শনিবাৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মৰ সমৰ্থনত এক নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয় ৷

বাক্সাৰ কুমাৰীকাটাত বিশাল ৰাজুহুৱা সভা
author img

By

Published : Apr 20, 2019, 3:26 PM IST

বাক্সা,20এপ্ৰিল: "বি টি এ ডিত যেতিয়া অশান্তি চলি আছিল তেতিয়া হাগ্ৰামা মহিলাৰী নাথাকিলে, বৰ্তমান এনেদৰে বি টি এ ডিত নিৰ্বাচনী সভা অনুষ্ঠিত কৰাও সম্ভৱ নহ'লহেঁতেন৷ গতিকে এই কথাবোৰ মানুহে পাহৰি যাব নালাগে ৷" শনিবাৰে বাক্সাৰ এক ৰাজহুৱা সভাত এই মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

বাক্সাৰ কুমাৰীকাটাত বিশাল ৰাজুহুৱা সভা

তৃতীয় পৰ্যায়ৰ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিত এতিয়া হাই-প্ৰফাইল মন্ত্ৰী বিধায়কেৰে ভৰি পৰিছে । শনিবাৰে বাক্সাৰ দক্ষিণ কুমাৰীকাটাত বিজেপি মিত্ৰজোঁটৰ এখন বিশাল ৰাজুহুৱা সভা অনুষ্ঠিত হয় । এই সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামা মহিলাৰীক প্ৰশংসা কৰি বি টি এ ডিত অশান্তি চলি থকাৰ সময়ত হাগ্ৰামা মহিলাৰী নথকা হ'লে বি টি এ ডিলৈ শান্তি ঘুৰি নাহিল হয় বুলি মন্তব্য কৰে ৷ এইবাৰ বিটিচিত বড়ো-অবড়োৰ মাজৰ ৰাজনৈতিক অৱসান হোৱাটো বিছাৰে বুলিও মন্ত্ৰী শৰ্মাই সাংবাদিকৰ আগত মন্তব্য কৰে । উল্লেখ্য যে এই সভাত বিত্ত-স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, সাংসদ ৰামেশ্বৰ তেলী, ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীকে ধৰি বহুকেইজন বিটিএডিৰ বিষয়-ববিয়া উপস্থিত থাকে ৷

Intro:বাক্সাৰ কুমাৰীকাটাত বিপিএফৰ বিশাল ৰাজুহুৱা সভা।

Body:সপ্তদশ নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৫ নং কোকৰাঝাৰ লোক সভা সমষ্টিত এতিয়া হাই প্ৰফাইল মন্ত্ৰী বিধায়কেৰে ভৰি পৰিছে । শনিবাৰে ১১:৩০ বজাত বাক্সা জিলাৰ দক্ষিণ কুমাৰীকাটাত এখনি বিশাল ৰাজুহুৱা সভাৰ আয়োজন কৰে । উক্ত সভাত উপস্থিত থাকে বিত্তীয় ,স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, সাংসদ ৰামেশ্বৰ তেলী,ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী,স্থানীয় বিধায়ক ইমানুৱেল মুছাহাৰী,ই এম দেবেন বড়ো, এম চি এল এ বিজিৎ গৌৰা নাৰ্জাৰী, বিজেপিৰ এম চি এল এ ধৰ্মনাৰায়ণ দাস ।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য :
কংগ্ৰেছৰ দিনতে পোৱা ৩ টকীয়া চাউল , ৪০ টকীয়া চেনী ১৫ টকা, ৪০ টকীয়া কেৰাচিন ২০ টকাত দিয়াৰ ব্যৱস্থা কৰিব আৰু এখন ঘৰৰ ছোৱালী জন্ম দিয়া পৰা , কলেজত নাম ভূৰ্তী কৰোৱা ,কলেজত পঠোৱাৰ , স্কুটিৰ তেল বিনামূলীয়া কৰা ,ছোৱালী বিয়া দিয়া আৰু বিধবা মহিলা আৰু এখন ঘৰৰ সম্পূৰ্ণ দায়িত্ব আকৌ এবাৰ বিজেপি চৰকাৰ আহিলে লব বুলি কয় ।

Conclusion:উল্লেখ্য যে মন্ত্ৰী গৰাকীয়ে তামুলপুৰ ,কুমাৰীকাটাত বোমা ফটিলে কোনে প্ৰথমে আহিব সৰ্বানন্দ সোনোৱাল আহিব নে হীৰা শৰণীয়া বুলি প্ৰশ্ন কৰে ।

এইবাৰ বিটিচিত বড়ো অবড়োৰ ৰাজনৈতিক অৱসান হোৱাটো বিছাৰে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ।

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.