ETV Bharat / state

আইনৰ দ্বাৰা স্বীকৃত বিটিচি কোনেও ভংগ কৰিব নোৱাৰে : বিপিএফ - বিটিআৰ মানি নলয় বিপিএফে

বাক্সাৰ বৰমাত উপস্থিত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী ৷ সংসদত গৃহিত নোহোৱা বিটিআৰ মানি নলয় বিপিএফে ৷ বিটিআৰক অসাংবিধানিক আখ্যা বিপিএফ দলৰ ৷

বিটিআৰ বিতৰ্ক, মানি নলয় বিপিএফে
বিটিআৰ বিতৰ্ক, মানি নলয় বিপিএফে
author img

By

Published : Sep 30, 2020, 10:19 PM IST

বৰমা, 30 ছেপ্টেম্বৰ : বিটিআৰ প্ৰসংগ আৰু বিটিচি নিৰ্বাচনক লৈ সঘনে বিধায়কৰে বৈঠকত মিলিত হৈছে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী ৷ দুদিন পূৰ্বে বাক্সাৰ বৰমাত বিপিএফৰ বিধায়কৰে হোৱা এক গোপন বৈঠকৰ পিচত পুনৰ বুধবাৰে বিধায়ক মনেশ্বৰ ব্ৰহ্মৰ বাসগৃহত দলটোৰ বিধায়কৰ সৈতে হাগ্ৰামা মহিলাৰীয়ে মিলিত হয় আন এক গোপন বৈঠকত ৷

লগতে পঢ়ক : বৰপেটাত উন্মোচন "কলিতা জাতিৰ ইতিহাস" শীৰ্ষক গৱেষণামূলক গ্ৰন্থ

বিপিএফৰ বিধায়ক, কাৰ্যবাহী সদস্যকে ধৰি দলটোৰ শীৰ্ষ নেতৃত্ব আৰু অন্যান্য 18টা সংগঠনৰ লগত বুধবাৰে এক বৈঠকত মিলিত হয় প্ৰাক্তন বিটিচি চীফ হাগ্ৰামা মহিলাৰী ৷ 62 নং বৰমা বিধানসভা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰহ্মৰ বাসগৃহত অনুস্থিত এই বৈঠকত বিটিআৰ আৰু বিটিচি পৰিষদীয় নিৰ্বাচন সম্পৰ্কত আলোচনা হোৱাৰ কথা সদৰী কৰে বিপিএফৰ সাধাৰণ সম্পাদক প্ৰবীন বড়োয়ে ৷

বিটিআৰ বিতৰ্ক, মানি নলয় বিপিএফে

বিটিএডিত চলি থকা ৰাজ্যপালৰ শাসনকাল বৃদ্ধি নকৰাকৈ অহা 27 অক্টোবৰৰ আগত বিটিচি পৰিষদীয় নিৰ্বাচন কোভিড-19ৰ নিয়ম মানি অনুস্থিত কৰিবলৈ নিৰ্বাচনী আয়োগক আহ্বান জনালে বিপিএফ নেতা প্ৰবীন বড়োয়ে ৷

বিটিচি নিৰ্বাচন 27 অক্টোবৰৰ আগত অনুস্থিত কৰাৰ দাবীত 5 অক্টোবৰত দিছপুৰ আৰু 7 অক্টোৱৰত দিল্লীৰ জন্তৰ-মন্তৰত এলানি ধৰ্ণা কাৰ্য্যসূচী গ্ৰহণ কৰাৰ কথা সদৰী কৰে বিপিএফ নেতা গৰাকীয়ে ৷ উল্লেখ্য যে, বিটিআৰ সন্দৰ্ভত সঘনাই দলীয় কৰ্মীৰ সৈতে আলোচনাত মিলিত হৈছে হাগ্ৰামা মহিলাৰী ৷ সংসদত গৃহীত নোহোৱা বিটিআৰ চুক্তিক অসাংবিধানিক আখ্যা দি ইয়াক মানি নোলোৱাৰো হুংকাৰ দিছে বিপিএফ দলে ৷

লগতে পঢ়ক : অসম-অৰুণাচল সীমান্তত ব্যাপক অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.