ETV Bharat / state

বিপিএফ অবিহনে ৰাজ্যত কোনো দলে চৰকাৰ গঠন কৰিব নোৱাৰে: হাগ্ৰামা মহিলাৰী

author img

By

Published : Feb 6, 2021, 2:28 PM IST

বাক্সাত বিপিএফ দলৰ গুৰুত্বপূৰ্ণ বৈঠকত উপস্থিত হাগ্ৰামা মহিলাৰী ৷ কোনো দলৰ সৈতে মিত্ৰতা কৰা নাই বিপিএফে ৷ বিপিএফ অবিহনে ৰাজ্যত কোনো দলে চৰকাৰ গঠন কৰিব নোৱাৰে-এই হুংকাৰ প্ৰাক্তন বিটিআৰৰ মুৰব্বীগৰাকীৰ ৷

bpf meeting in baksa assam etv bharat news
বিপিএফ অবিহনে ৰাজ্যত কোনো দলে চৰকাৰ গঠন কৰিব নোৱাৰে

বাক্সা,6 ফেব্ৰুৱাৰী: সম্প্ৰতি ৰাজ্যৰ ৰাজনীতিত পুনৰ চৰ্চালৈ আহিছে বিটিআৰৰ আঞ্চলিক ৰাজনৈতিক দল বিপিএফ ৷ কিয়নো সম্মুখত আছে অসম বিধানসভাৰ নিৰ্বাচন ৷ ৰাজ্যত বিজেপি, কংগ্ৰেছকে ধৰি অন্যান্য ৰাজনৈতিক দলসমূহে নিৰ্বাচনীকেন্দ্ৰিক কুচকাৱাজ আৰম্ভ কৰাৰ সময়তে বিশেষ তাৎপৰ্য বহন কৰিছে বিপিএফ দলটোৱে ৷ ইয়াৰ সমান্তৰালকৈ দলটোৰ নেতা হাগ্ৰামা মহিলাৰীয়ে আগবঢ়োৱা দৃঢ়তাপূৰ্ণ মন্তব্যই ইংগিত দিছে বহু বিষয়ৰ ৷ মহিলাৰীৰ মতে,বিপিএফ দল অবিহনে ৰাজ্যত কোনো দলে চৰকাৰ গঠন কৰিব নোৱাৰে ৷ ইয়াৰ বাবে দলে ৰাখিব কিছু নীতি-নিৰ্দেশনা ৷

উল্লেখ্য যে, বাক্সাৰ বৰমাত শুকুৰবাৰে বিপিএফৰ বিধায়ক মনেশ্বৰ ব্ৰহ্মৰ বাসগৃহত অনুষ্ঠিত হৈছিল দলটোৰ এখন গুৰুত্বপূৰ্ণ বৈঠক ৷ উক্ত বৈঠকত উপস্থিত থাকে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী, দলটোৰ তিনি মন্ত্ৰীৰ উপৰিও কেইবাজনো বিধায়ক আৰু কাৰ্য নিৰ্বাহক সদস্য ৷ বিপিএফৰ সভাপতি মহিলাৰীয়ে উক্ত বৈঠকৰ জৰিয়তে 10 ফেব্ৰুৱাৰীত বৰমাত বিটিচি চুক্তি দিৱস পালন কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷ মহিলাৰীয়ে সমাগত বিধানসভা নিৰ্বাচনত বিটিআৰত অকলে প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা কৰে ৷ লগতে বৰ্তমানলৈ কোনো দলৰ সৈতে মিত্ৰতা কৰাৰ সিদ্ধান্ত গ্ৰহণ নকৰাৰ কথা জানিবলৈ দিয়ে ৷

আনহাতে, এইক্ষেত্ৰত বিভিন্ন ৰাজনৈতিক দলৰ সৈতে অনানুষ্ঠানিক আলোচনা চলি থকা বুলি জানিবলৈ দিয়ে মহিলাৰীয়ে ৷ অৱশ্যে প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ পৰিষদে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত সংঘটিত দুৰ্নীতিৰ তদন্ত কৰাৰ সন্দৰ্ভত মন্তব্য দিয়াৰ পৰা বিৰত থাকে মহিলাৰী ৷

দলটোৰ জ্যেষ্ঠ নেত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ময়েও বিটিচি চুক্তি দিৱস পালন কৰা সন্দৰ্ভতহে আলোচনা কৰা বুলি সংবাদ মাধ্যমক জানিবলৈ কথা জানিব দিয়ে ৷ লগতে হাগ্ৰামাৰ দুৰ্নীতিৰ তদন্ত সমিতি গঠন কৰাৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে ইউপিপিএল-ৰ নেতা- কৰ্মীসকলে এতিয়া পাৰ্চেণ্টেজ বিচৰা আৰম্ভ কৰা বুলি মন্তব্য কৰে ৷

বিটিচি চুক্তি দিৱস পালন কৰা সন্দৰ্ভত আলোচনা

লগতে চাওকঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হ’ল পক্ষী গণনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.